‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত এটা উমাল সন্ধিয়া

Share This Article

”জ্যেষ্ঠসকলে নতুন চামক উৎসাহ দিলেহে নতুনসকলে উত্তৰণৰ দিশে আগুৱাব পাৰে।” গুৱাহাটীৰ উজানবজাৰস্থিত ‘সূৰ্য’ৰ অন্তৰংগ প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া আয়োজিত এক আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, সমালোচক, সাংবাদিক বিতোপন বৰবৰাই এইদৰে কয়।
নবীন লেখিকা মনস্বিনী ৰুণুমী মহন্তৰ প্ৰথম গল্প সংকলন ‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ৰ প্ৰকাশৰ লগত সংগতি ৰাখি এই অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী বিশিষ্ট সমালোচক, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক ড° পৰী হিলৈদাৰীয়ে কয় যে শেহতীয়াকৈ তৃতীয় লিংগ বা সমলৈংগিক চৰিত্ৰক লৈ ভালেসংখ্যক গল্প হৈছে যদিও ইয়াৰ বেছিভাগতে গভীৰতাৰ অভাৱ দেখা যায়। তাৰ বিপৰীতে মনস্বিনী ৰুণুমী মহন্তৰ গল্পত এনেধৰণৰ চৰিত্ৰসমূহৰ মনোজগতৰ গভীৰ দিশসমূহৰ প্ৰতিফলন ঘটিছে।
অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা, সমালোচক-চলচ্চিত্ৰ পৰিচালক উৎপল বৰপূজাৰী, নাট্য-কৰ্মী নয়ন প্ৰসাদ, ঔপন্যাসিক মনালিছা শইকীয়া, সাংবাদিক-উদ্যোগী মনোৰম গগৈ, সাংবাদিক-গল্পকাৰ কিশোৰ গোস্বামী, গল্পকাৰ বন্তি শেনচোৱা, গীতালি বৰা আৰু জুৰি বৰুৱা, চলচ্চিত্ৰ পৰিচালক-সম্পাদক ঝুলন কৃষ্ণ মহন্ত, সংগীত পৰিচালক-গায়ক সৌৰভ মহন্ত, শব্দযন্ত্ৰী দেৱজিত গায়ন, অভিনেতা-গীতিকাৰ শশাংক সমীৰকে ধৰি ৰাজ্যৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থকা ব্যক্তিসকলে মনস্বিনী ৰুণুমী মহন্তৰ গল্পৰ লগতে অসমৰ শেহতীয়া সাহিত্য চৰ্চা, সাহিত্যৰ সৈতে চিনেমাৰ সম্পৰ্ক আদি বিভিন্ন বিষয়ত মত-বিনিময় কৰে। আলাপত ভাগ লৈ লেখিকা মহন্তই গল্প চৰ্চাৰ ক্ষেত্ৰখনত তেওঁ কিদৰে আগবাঢ়িছে, তেওঁৰ গল্পৰ চৰিত্ৰসমূহৰ ইতিহাস আদিৰ বিষয়েও উল্লেখ কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি অভিনেত্ৰী স্বাগতা ভৰালীয়ে ‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত অন্তৰ্ভুক্ত ‘শেৱালি’ শীৰ্ষক গল্পটো পাঠ কৰাৰ লগতে শিল্পী নীলোত্‌পল বৰা, অৰূপজ্যোতি বৰুৱা, ভাস্কৰজ্যোতি কলিতা আৰু বৰ্ষাপ্ৰিয়া দত্তই সংগীত পৰিবেশন কৰে।

উল্লেখযোগ্য যে অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰৰ হৈ অনিল বৰুৱাই প্ৰকাশ কৰা মনস্বিনী ৰুণুমী মহন্তৰ গল্প-সংকলন ‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ যোৱা ৭ ডিচেম্বৰত যোৰহাটত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল। যোৱা কেইবাবছৰো ধৰি সাহিত্য চৰ্চা কৰি অহা মহন্তৰ গল্প-প্ৰৱন্ধ আদি অসমৰ বিভিন্ন কাকত, আলোচনী, পোৰ্টেল আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছে। গল্প-সংকলনত অন্তৰ্ভুক্ত ‘তেজীমলাৰ মাহীমাকে চুলি কাটিবলৈ ঠাই এটুকুৰা পালে’ শীৰ্ষক গল্পটো ব্ৰিটিছ কাউন্সিলৰ Write Assamese প্ৰকল্পৰ অধীনত অনুবাদৰ বাবে নিৰ্বাচিত হৈছে। তেওঁ বৰ্তমানে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগত অসমীয়া চিনেমাত সমমাত্ৰিকতা বিষয়ত গৱেষণা কৰি আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.