Investigative reporting with dedication.
সমষ্টি হেৰুৱায়ো সুখী ৰকিবুল হুছেইন !

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ প্ৰসংগত দেশৰ নিৰ্বাচন আয়োগে যি জাননী জাৰি কৰিছে সেই সন্দৰ্ভত নগাঁৱত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত নিজৰ ব্যক্তিগত মতামত দাঙি ধৰি নিৰ্বাচন আয়োগৰ এই জাননীক আদৰণি আৰু স্বাগতম জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰাহে বুলি উল্লেখ কৰে । ইপিনে,শাসনাধিষ্ঠিত বিজেপি দলক চোকা সমালোচনা কৰি দলটো বদৰুদ্দিন আজমলৰ বোকোচাত উঠিবলৈ বিচাৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে।





