নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ পৰীক্ষা অনুষ্ঠিত

Share This Article

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ কিছু পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। দেওবাৰে বন্ধৰ দিনটোত বিদ্যালয়খনত অনুষ্ঠিত হয় বিশেষ পৰীক্ষা।আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন নিয়ম অনুসৰি এম চি কিউ পৰীক্ষা হ’ব। দেওবাৰে ছাত্ৰ -ছাত্ৰীক এই ক্ষেত্ৰত উপকৃত কৰাৰ লক্ষ্যৰে এম চি কিউ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই জানিবলৈ দিয়ে। ৯৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজ এম চি কিউ পৰীক্ষা আয়োজন কৰা হয়।চাৰিটা বিষয়ত আজি এই পৰীক্ষা আয়োজনৰ লগতে নিয়মীয়া আৰু দেওবৰীয়া হোম ভিজিট অব্যাহত আছে। ইফালে ঐতিহ্যমণ্ডিত নুমলীগড় হাইস্কুলৰ নানাৰঙী ফুলে হাত বাউল দি মাতিছে অনেক লোকক । বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষক মহেন শ‍ইকীয়াৰ নেৰানেপেৰা চেষ্টাৰ বলত বিদ্যালয়খনৰ নৈসর্গিক পৰিৱেশে সকলোকে মোহিত কৰিছে । বিভিন্ন প্ৰজাতিৰ কপৌফুল , এজাৰ , কৃষ্ণচূড়া , ৰাধাচুড়াৰ লগতে আন ভিন্নৰঙী ফুলে চালে চকু ৰোৱা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।বিদ্যালয়খনৰ ভূত জলকীয়া , আদা , চজিনা আৰু কলকে আদি কৰি খেতিসমূহে ৰাইজক আকৰ্ষণ কৰিছে।বান্দৰৰ সন্ত্ৰাসৰ মাজতে এনে পৰিৱেশ। সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ সৃষ্টিত বিশেষ ভূমিকা গ্ৰহণ কৰা বিদ্যালয়খনক লৈ ‘নলেজ ইউনিভাৰ্ছ … ’ নামৰ এটা ইউটিউব চেনেলে বিদ্যালয়খনৰ পৰিৱেশৰ সৌন্দর্যতাক লৈ ‘ পুষ্প কানন হ’লগৈ এখন হাইস্কুল ‘ নামৰ ভিডিঅ ’ এটা সম্প্ৰচাৰ কৰিছিল । এই ভিডিঅ’টো ভাইবৰল হৈ পৰাত জাপানী ইউটিউব চেনেল এটাইও প্রশংসা কৰিছে উল্লেখ্য যে সম্প্রতি ১০৪২ গৰাকী ছাত্র -ছাত্রীয়ে শিক্ষা গ্রহণ কৰি থকা বিদ্যালয়খনত আজিও শিক্ষকৰ পদ খালী হৈ থকাৰ ফলশ্রুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাত পৰিব লগা হয় বুলিও বিদ্যালয় কর্তৃপক্ষই প্ৰকাশ কৰিছে । ইপিনে বিদ্যালয়খনৰ আন্তঃগাঁথনি সুন্দৰ হোৱাৰ উপৰি বিদ্যালয়খনত অসমৰ ভিতৰতে প্ৰথম বিদ্যালয়ত ক্ষুদ্র সংগ্রহালয় ‘ কলা কৃষ্টিৰ কুটীৰ ’ আৰু গোলাঘাট জিলাখনৰ ভিতৰতে প্ৰথম স্বৰূপে ‘ মেথ্ছ লেব ’ প্রতিষ্ঠা কৰিছে । ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন ক্ষেত্ৰত উৎকর্ষ সাধন কৰিব পৰা সা সুবিধাসমূহ থকাৰ ফলশ্ৰুতিত বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীয়ে নামভৰ্তিৰ সময়ত প্ৰতি বছৰেই ভিৰ কৰা পৰিলক্ষিত হয় যদিও শিক্ষকৰ অভাৱত বহু ছাত্র – ছাত্ৰী নাম ভৰ্তিৰ পৰা বঞ্চিত হ’ব লগা হৈছে ।দেওবাৰে বিদ্যালয়খনত ছাত্ৰ -ছাত্ৰীৰ দ্বাৰা হাতে লিখা আলোচনী প্ৰকাশৰ লগতে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। তদুপৰি বিদ্যালয়খনে অবিৰত ভাৱে ২৩ সংখ্যক মুখপত্ৰ ‘নুমলী’ প্ৰকাশ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.