পাঠশালাত কিয় খং উঠিল মন্ত্ৰী ৰঞ্জিত দাসৰ?

Share This Article

দৰ্শকৰ মাজৰ পৰা খঙত অগ্নিশৰ্মা হৈ মঞ্চলৈ দৌৰি গ’ল মন্ত্রী ৰণজিৎ কুমাৰ দাস !পাঠশালাৰ অপেছাদাৰী নাট্যদল নাটমণ্ডলৰ ৰূপালী জয়ন্তী বৰ্ষৰ নাট্য সমাৰোহ তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পাঠশালাত।বুধবাৰে পাঠশালা নাটমণ্ডলৰ নিবেদন ইচ্ আস্ নামৰ নাটকখন মঞ্চস্থ হৈ থকাৰ সময়তে দৰ্শকৰ মাজত হুৱাদুৱা লগা পৰিলক্ষিত হয়। দৰ্শকৰ আসনত বহি থকা মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় দৌৰি উঠিল মঞ্চত। নাটখন আছিল মহিলা শিল্পী মঞ্চলৈ অনাৰ বাবে শিল্পী সৈনিক ব্ৰজ শৰ্মাই সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ পৰা ককৰ্থনা পোৱাৰ বিষয়ক লৈ।মঞ্চত কেইজনমান অভিনেতা, অভিনেত্রীয়ে মহিলা শিল্পীক নাটক কৰাৰ ক্ষেত্রত তাচ্ছিল্য কৰি মন্তব্য কৰাৰ সময়ত মন্ত্রী জনে প্ৰতিবাদ সাব্যস্ত কৰে৷।আচলতে মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ নাটকখনত থকা চৰিত্ৰতে তেওঁ অভিনয় কৰে যদিও দৰ্শকে ধৰিব পৰা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.