আনন্দময় হ’ল ‘জলময়’ গাঁও !

Share This Article

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহখনি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে । ১৯৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী সমাৰোহৰ শনিবাৰে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি তোৰণ উদ্ঘাটন,পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গুৰু শিষ্যৰ মিলন অনুষ্ঠান অনুষ্ঠিত হয় । বিয়লি মিহিৰ ভূঞাই সঞ্চালনা কৰা আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা গুৰু-শিষ্যৰ মিলন অনুষ্ঠানটিত উত্তৰ পূব বিদ্যুৎ শক্তি নিগমৰ উপ- প্ৰবন্ধক প্ৰহ্লাদ শংকৰ ভাগৱতী,বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জুৰাণী দেৱী,শিক্ষাবিদ ৰাণাপ্ৰকাশ বৰা,সাংবাদিক জ্যোতিপ্ৰসাদ বৰা,জয়ন্ত মুদৈ,মৃগেন কুমাৰ নাথ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । নিশালৈ নাট্যানুষ্ঠানৰে সামৰণি পৰিবলগীয়া মহাৰজত জয়ন্তীৰ সমাৰোহৰ দ্বিতীয়টো তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.