সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আনন্দময় হ’ল ‘জলময়’ গাঁও !

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহখনি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে । ১৯৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী সমাৰোহৰ শনিবাৰে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি তোৰণ উদ্ঘাটন,পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গুৰু শিষ্যৰ মিলন অনুষ্ঠান অনুষ্ঠিত হয় । বিয়লি মিহিৰ ভূঞাই সঞ্চালনা কৰা আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা গুৰু-শিষ্যৰ মিলন অনুষ্ঠানটিত উত্তৰ পূব বিদ্যুৎ শক্তি নিগমৰ উপ- প্ৰবন্ধক প্ৰহ্লাদ শংকৰ ভাগৱতী,বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জুৰাণী দেৱী,শিক্ষাবিদ ৰাণাপ্ৰকাশ বৰা,সাংবাদিক জ্যোতিপ্ৰসাদ বৰা,জয়ন্ত মুদৈ,মৃগেন কুমাৰ নাথ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । নিশালৈ নাট্যানুষ্ঠানৰে সামৰণি পৰিবলগীয়া মহাৰজত জয়ন্তীৰ সমাৰোহৰ দ্বিতীয়টো তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.