Investigative reporting with dedication.

অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰ্মৰত সখী আৰু সমল ব্যক্তিসকলৰ মজুৰি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, TA,DA ৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ কৰে ইয়াৰ কৰ্মীসকলে৷ ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ডিব্ৰুগড় জিলাৰ সখী আৰু সমল ব্যক্তি সন্থাই।সখী আৰু সমল ব্যক্তিসকলক মাহিলী নিয়মীয়াকৈ বেতন দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলাৰ সখী আৰু সমল ব্যক্তি সন্থা।বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে৷ অন্যহাতে, সখী আৰু সমল ব্যক্তিসকলৰ মজুৰি বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি আন কেইবাটাও দাবী সমাধানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।




