চিলনী চোৰ এইবাৰ ডিফুত

Share This Article

মঙ্গলবাৰে দুপৰীয়া ডিফু ষ্টেট বেংকৰ এজন গ্ৰাহকৰ পৰা নগদ ২২ লাখ টকা লৈ উধাও হোৱাৰ চেষ্টা কৰিছিল চোৰটোৱে ।আৰক্ষী বিষয়া আৰু স্থানীয় লোকৰ তৎপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল চিলনী চোৰটোক।এই সন্দৰ্ভত ডিফু থানা ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০( B) /৩৯২ ধাৰাত ১২৯/২২ গোচৰ ৰুজু দি ধৃত চোৰ টোক সোধপোচ কৰিছিল আৰক্ষীয়ে ।আৰক্ষীৰ জেৰাত চোৰটোৰ সৈতে ৰাকেশ সিং নামৰ এটা চোৰ জড়িত আছে বুলি জনাইছিল ধৃত চোৰটোৱে।ৰাকেশ সিঙক কৰায়ত্ব কৰিবলৈ ধৃত চোৰটোক লৈ তদন্তকাৰী বিষয়াই কালি নিশা অভিযান চলাবলৈ যাওঁতে আৰক্ষীৰ লোকক আঘাত কৰি পলাই যাবলৈ চেষ্টা কৰে।উপায়হীন হৈ আৰক্ষীয়ে ধৃত চোৰটোক ভৰিত গুলিয়াবলৈ বাধ্য হয় ।আহত চোৰটোক আৰক্ষীয়ে ততালিকে DMCH ত ভৰ্তি কৰে।ধৃত চোৰটো পশ্চিম বংগৰ জলপাইগুৰিৰ ফটা পুকুৰৰ বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল যোগে জানিবলৈ দিছে কৰিমগঞ্জৰ পৰা কেইটামান চিলনী চোৰ অসমত থিতাপি লৈছে বুলি পূৰ্বে তথ্য লাভ কৰিছিল আৰক্ষী প্ৰশাসনে।এই লৈ আৰক্ষীৰ গোপন অনুসন্ধান অব্যাহত আছিল বুলি জানিব দিয়ে জিলা আৰক্ষী অধীক্ষক সজীৱ কুমাৰ শইকীয়াই।ধৃত চোৰটোৰ নাম সাগৰ গোৱালা বুলি স্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে চুৰটোৰ পৰা কোনো পৰিচয় পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।চিলনী চোৰৰ দলটো ৰেলযোগে লামডিঙত নামি কাৰ্বি আংলঙৰ হাবিত কেম্প পাতি থাকি দিনত এনে দুষ্কাৰ্য সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.