সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

গৌৰৱ গগৈক লোকসভাৰ বিৰোধী দলৰ উপনেতা পদত অধিষ্ঠিত কৰি গান্ধী পৰিয়ালে ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ…

অসমৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক শেহতীয়া কৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ উপনেতাৰ দৰে এক সন্মানীয় দায়িত্ব দিছে। অসম তথা উত্তৰ পূৱৰ বাবে ই এক গৌৰৱৰ কথা। কিন্তু এই নিযুক্তিৰ…

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে…

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ'ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ…

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত। কংগ্ৰেছত নতুন অধ্যক্ষ নিৰ্বাচিত কৰাক লৈ নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে দলটোৰ বহুকেইজন হাই প্ৰফাইল নেতাই হাই কামাণ্ডলৈ লিখা এখন পত্ৰই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই পত্ৰৰ পিছতে…

ফেচবুক বিতৰ্ক: শশী থাৰুৰক পাৰ্লিয়ামেন্টেৰী কমিটি ফৰ আই টিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী বিজেপি…

ফেচবুক আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ শেহতীয়া বাতৰিয়ে দেশৰ ৰাজনৈতিক মহলত খলকনি সৃষ্টি কৰা সময়ত এতিয়া বিজেপি সাংসদ নিশিকান্ত ডুবেই শশী থাৰুৰক পাৰ্লিয়ামেন্টেৰী কমিটিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰিছে। Indian Express নামৰ বাতৰি কাকতত…

ফেচবুক-বিজেপি সম্পর্কৰ বিতৰ্কয়ে খলকনি তুলিছে দেশৰ ৰাজনীতিত

ফেচবুক বিতৰ্কই সমগ্ৰ দেশতে খলকনি লগোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। গোটেই বিষয়তোৰ সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰি ছ'ছিয়েল মিডিয়া কোম্পানীটোৰ মালিক মাৰ্ক জোকাৰবাৰ্গলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে।…

ফেচবুক-বিজেপি সম্পৰ্ক: সংসদীয় কমিটিৰ ওচৰত জবাবদিহি হ’ব ফেচবুক, বিজেপিৰ ওলোটা খৰ

ফেচবুকে নিজৰ ব্যৱসায়ীক লাভালাভৰ বাবে বিজেপি দলৰ একাংশ নেতাৰ 'ঘৃণা বিয়পোৱা মন্তব্য' ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলত। Indian Express নামৰ বাতৰি কাকত খনে পৰাৰ কৰা এক বাতৰি অনুসৰি এতিয়া…

ফেচবুক আৰু বিজেপিৰ মাজত কি সম্পৰ্ক?-ফাদিল হৈছে ভয়ংকৰ তথ্য

ফেচবুকত ঘৃণা বিয়পোৱা বিজেপিৰ নেতা সকলৰ বিৰুদ্ধে ছ'ছিয়েল মিডিয়া প্লেটফৰ্মটোৱে কিয় কোনো ব্যৱস্থা নলয়? ফেচবুকৰ 'Hate speech' (ঘৃণা বিয়পোৱা মন্তব্য) বিৰোধী নিয়ম সমূহ কিয় প্ৰযোজ্য নহয় বিজেপি নেতাৰ বিৰুদ্ধে? কিয় ফেচবুকে এই ধৰণৰ ঘৃণা বিয়পোৱা…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন…