কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

Share This Article

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে যোৱা ১১ আগষ্টত ভাৰত চৰকাৰৰ ফাইনেন্স চেক্ৰেটাৰীয়ে ষ্টেণ্ডিং কমিটি অফ ফাইনেন্স ৰ এক মিটিংত কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৰাজ্য সমূহক তেওঁলোকৰ প্ৰাপ্য GST ৰ ক্ষতিপূৰণ দিব পৰা অৱস্থাত নাই বুলি জনাইছিল।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সকলে কৰোনা ভাইৰাছৰ ফলত ৰাজ্য সমূহৰ অৰ্থনীতিত পৰা প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰে আৰু কেন্দ্ৰীয় চৰকাৰক ৰাজ্য সমূহলৈ বিত্তীয় পেকেজ দিয়াৰো দাবী উত্থাপন কৰে।

EIA খচৰা আৰু NEP ৰ প্ৰসংগয়েও স্থান লাভ কৰে উক্ত মিটিংত। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে NEET আৰু JEE পৰীক্ষা পিছোৱাবলৈ সকলোকে দাবী উত্থাপন কৰিবলৈও আহ্বান জনায়।

মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে যুজঁ দিয়াৰ কথা কৈ কয় যে যি সময়ত দেশৰ সকলো ক্ষমতা এজন মানুহৰ হাতত কেন্দ্ৰীভূত হৈছে তেনে সময়ত আমি সকলোৱে ভাৰতবৰ্ষৰ যুক্ত ৰাষ্ট্ৰীয় গাঁথনি ৰক্ষাৰ বাবে যুঁজিবই লাগিব।

Featured photo courtesy: Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.