ফেচবুক-বিজেপি সম্পৰ্ক: সংসদীয় কমিটিৰ ওচৰত জবাবদিহি হ’ব ফেচবুক, বিজেপিৰ ওলোটা খৰ

Share This Article

ফেচবুকে নিজৰ ব্যৱসায়ীক লাভালাভৰ বাবে বিজেপি দলৰ একাংশ নেতাৰ ‘ঘৃণা বিয়পোৱা মন্তব্য’ ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলত।

Indian Express নামৰ বাতৰি কাকত খনে পৰাৰ কৰা এক বাতৰি অনুসৰি এতিয়া ‘পাৰ্লিয়ামেন্টেৰী ষ্টেণ্ডিং কমিটি ফৰ আই টিয়ে’ বিষয়টোৰ সন্দৰ্ভত ফেচবুকৰ পৰা স্পষ্টতা বিচাৰিব। গতিকে এতিয়া সাংসদীয় কমিটিৰ ওচৰত জবাবদিহি হ’ব ফেচবুক।

শেহতিয়াকৈ এক টুইটত উক্ত পাৰ্লিয়ামেন্টেৰী কমিটিৰ চেয়াৰমেন তথা কংগ্ৰেছৰ সাংসদ শশী থাৰোৰে কয় যে পাৰ্লিয়ামেন্টেৰী কমিটিয়ে “নাগৰিক সুৰক্ষা'(safeguarding citizens) অধিকাৰ আৰু ছ’ছিয়েল নিউজ মিডিয়া প্লেটফৰ্মৰ অপব্যৱহাৰ” বিষয়ৰ অধীনত আগতেও ফেচবুকক জবাবদিহি কৰিছে। গতিকে এই বিষয়টো কমিটিয়ে ফেচবুকক জবাবদিহি কৰিব।

অৱশ্যে পাৰ্লিয়ামেন্টেৰী কমিতিৰ এই পদক্ষেপৰ কথা ৰাজহুৱা হোৱাৰ পাছতে বিজেপি সাংসদ তেজাস্বী সূৰ্য্যা(Tejasvi Surya) ই ফেচবুকৰ বিৰুদ্ধে অভিযোগ আনি টুইট কৰে যে ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটোৱে অবৈধ্যভাবে বহুতো হিন্দু জাতীয়তাবাদীৰ কণ্ঠৰোধৰ প্ৰচেষ্টা চলাই আহিছে। তেখেতে এই সন্দৰ্ভত যাৰ যি অভিযোগ আছে তেওঁক মেইল যুগে জনাবলৈ আহ্বান জনায় কয় যে ‘পাৰ্লিয়ামেন্টেৰী কমিটি অন আই টি’ ৰ সদস্য হিচাপে তেখেতে এই বিষয় সমূহ সাংসদীয় কমিটি খনৰ ওচৰত দাঙি ধৰিব বুলি জনায়।

ফেচবুক আৰু বিজেপিৰ সম্পর্কৰ শেহতীয়া তথ্য ফাদিল হোৱাৰ পিছতে শাসকীয় দলটোৰ এই ওলোটা খৰে বিষয়টোৰ গাম্ভীৰ্যতাকে প্ৰমাণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.