গৌৰৱ গগৈক লোকসভাৰ বিৰোধী দলৰ উপনেতা পদত অধিষ্ঠিত কৰি গান্ধী পৰিয়ালে ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে নেকি?

Share This Article

অসমৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক শেহতীয়া কৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ উপনেতাৰ দৰে এক সন্মানীয় দায়িত্ব দিছে। অসম তথা উত্তৰ পূৱৰ বাবে ই এক গৌৰৱৰ কথা। কিন্তু এই নিযুক্তিৰ সময়ে কংগ্ৰেছ দলৰ অভ্যন্তৰত শেহতীয়াকৈ চলি থকা সংঘাতৰো এক প্ৰতিফলন ঘটিছে।

যোৱা কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ ৱৰ্কিং কমিটিৰ মিটিংত এখন চিঠিৰ বাবে হোৱা দলীয় নেতৃত্বৰ সংঘাত ব্যাপক ভাবে প্ৰচাৰ হোৱাৰ পিছতে লোকসভাত দলীয় পদবীৰ এই সালসলনিয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখযোগ্য যে কংগ্ৰেছত ৰাহুল গান্ধীৰ নেতৃত্বক প্ৰশ্ন উত্থাপন কৰি সাংগঠনিক সাল সলনিৰ দাবী উত্থাপন কৰা উক্ত পত্ৰত চহী কৰা এজনো নেতাই স্থান নাপালে কংগ্ৰেছৰ এই নতুন নিযুক্তিত। উদাহৰণ স্বৰূপে আনন্দপুৰ চাহিবৰ সাংসদ তথা জ্যেষ্ঠ নেতা মানিষ তিৱাৰী। গৌৰৱ গগৈতকৈ অভিজ্ঞতাপূৰ্ণ আৰু জ্যেষ্ঠ হৈও তিৱাৰীক লোক সভাত কোনো দলীয় পদবী নিদিয়াত আশ্চৰ্য্য প্ৰকাশ কৰিছে খোদ একাংশ কংগ্রেছীয়ে।

গৌৰৱ গগৈ আৰু লোক সভাৰ হোইপ(whip) হিচাপে নিযুক্তি পোৱা সাংসদ ৰাৱনীত সিং বিতু দুয়োজনেই ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি জনা যায়। একেদৰেই ৰাজ্য সভাৰ ৫ জনীয়া সিদ্ধান্ত গ্ৰহণকাৰী মূল গ্রুপত নতুনকৈ নিযুক্তি পোৱা কে চি ভেনুগোপালৰো ৰাহুল গান্ধীৰ লগত আছে সু সম্পর্ক।

অন্যহাতেদি উক্ত পত্ৰত চহী কৰা কংগ্ৰেছী নেতা সকলক যে ছোনিয়া গান্ধী তথা গান্ধী পৰিয়ালে দলৰ মজিয়াত এলাগী কৰিবলৈ চেষ্টা কৰিছে সেই কথা স্পষ্ট হৈ পৰিছে দলটোৰ উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ নেতা জিটিন প্ৰসদাক দলৰ মজিয়াত আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যই।

মন কৰিব লগীয়া যে উক্ত চিঠিত ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সাংগঠনিক সাল সলনিৰ প্ৰস্তাৱ দিয়া হৈছিল। ইয়াৰ পিছতে লোক সভা আৰু ৰাজ্য শভাত ৰাহুলৰ অনুগত্য সকলৰ এই নৱ নিযুক্তিয়ে গান্ধী পৰিয়ালৰ দলটোত ক্ৰমে কমি অহা প্ৰভাৱ পুনৰ মজবুত কৰাৰ এক প্ৰচেষ্টাৰ অংশ বুলি ৰাজনৈতিক বিশেষজ্ঞ সকলে মতপোষণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.