এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত

Share This Article

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত। কংগ্ৰেছত নতুন অধ্যক্ষ নিৰ্বাচিত কৰাক লৈ নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে দলটোৰ বহুকেইজন হাই প্ৰফাইল নেতাই হাই কামাণ্ডলৈ লিখা এখন পত্ৰই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই পত্ৰৰ পিছতে ছুনীয়া গান্ধীৰ যোগ্যতা অথবা অযোগ্যতাৰ ওপৰত আৰম্ভ হৈছে যুক্তি যুদ্ধ।
কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধাৰীয়ে কয় – যি সকল লোকে গান্ধী পৰিবাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আছে তেওঁলোকে কংগ্ৰেছ দলক দুৰ্বল কৰিব বিচাৰিছে। এইবোৰ তেওঁলোকে জানি বুজিয়েই কৰি আছে । কংগ্ৰেছ দল গান্ধী পৰিবাৰৰ হাততেই সুৰক্ষিত। দলৰ কৰ্মকর্তা সকলৰ ছুনীয়া গান্ধী আৰু ৰাহুলৰ ওপৰত বহুত বিশ্বাস আছে, তেওঁলোকৰ বাদে আন দ্বিতীয়জন ব্যক্তিয়ে এই পদ চম্ভালিব নোৱাৰে।
এনেদৰেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলত, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেতন অৰবিন্দ সিং, ছত্ৰিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও গান্ধী পৰিবাৰকেই সমৰ্থন কৰিছে। তেওঁলোকে কয়, যে এনে পৰিস্থিতিত ছুনীয়া গান্ধীয়ে অৱসৰ লোৱাতকৈ দায়িত্বখিনি নিজৰ ওচৰতে ৰাখিব লাগে আৰু যদি অৱসৰ লোৱাৰ কথা ভাবিছে তেন্তে ৰাহুল গান্ধীয়ে এই দায়িত্ব ল’ব লাগে।
তেনে সময়তে মহাৰাষ্ট্ৰৰ পৰা আহিছে আন এটা ডাঙৰ খবৰ।মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী সুনিল কেডাৰে দলৰ জ্যেষ্ঠ নেতা- পৃথ্বীৰাজ চহান, মুকুল বাচনিক আৰু মিলিড দেৱৰাক ধমক প্ৰদান কৰিছে, কাৰণ এই তিনিজন নেতাৰ নামো সেই পত্ৰখনত উল্লেখিত আছিল। আৰু কেডাৰে কৈছে যে তিনিওজন নেতাই তেওঁলোকৰ কৰ্মৰ বাবে ক্ষমা বিচাৰিব লাগে । তেওঁলোকৰ এই কৰ্মই ৰাহুল গান্ধীৰ যুদ্ধখনৰ গতিক দুৰ্বল কৰি তুলিছে সেয়ে তেওঁলোকে ক্ষমা বিচাৰিব লাগে।
এতিয়া মন কৰিব লগীয়া যে দলটোৰ এই পৰিস্থিতি কেতিয়া শেষ হ’ব?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.