Investigative reporting with dedication.

ভাৰতে ক্ৰয় কৰিব ফেলকন এৱাকছ বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে চৰকাৰে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে ইজৰাইলৰ পৰা কিনিব দুখন ফেলকন এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কন্ট্ৰ’ল ছিষ্টেম। ইয়াৰ বাবে চূড়ান্ত পয্যায়ত চলি আছে অনুমোদন। ইতিমধ্যে ইজৰাইলৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলাপ আলোচনা কৰিছে ভাৰতে। ফেলকন এৱাকছ হৈছে আকাশত গোপন দৃষ্টি ৰখা বিমান। ভাৰতৰ বৰ্তমান আছে তিনি খন ফেলকন এৱাকছ। অতিৰিক্ত দুখন ক্ৰয় কৰিলে দেশৰ এয়াৰ ডিফেন্স ছিষ্টেম যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।




