শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

Share This Article

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ।

হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত সাংবাদিক সকলৰ আগত কয় যে ১৩০ কোটি ভাৰতীয় আৰু কংগ্ৰেছ দলৰ দেশৰ সেনা আৰু পুলিচ বাহিনীক লৈ গৌৰৱান্বিত। যেতিয়াই আমাক কোনোৱে আক্ৰমণ কৰে, এওঁলোকে আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দি আহিছে।

“কিন্তু আমি এইটো ভাবিবলগীয়া যে শাসক সকলে কিয় চীনৰ নাম লবলৈ ভয় কৰে। আজি যি সময়ত চীনে আমাৰ দেশৰ ভূখণ্ড দখল কৰি আছে, আমি নিশ্চিত ভাবে এই চৰকাৰক প্ৰশ্ন সোধা উচিত যে চৰকাৰে কেনেদৰে চীনা সৈন্যক পিছুৱাই নি আমাৰ দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিব,” সূর্যেৱালাই কয়।

ইয়াৰ উপৰিও কংগ্ৰেছ দলে চৰকাৰৰ ‘আত্মনিৰ্ভৰতা’ৰ শ্লোগানক সমালোচনা কৰি কয় যে এই চৰকাৰে দেশৰ স্বাধীনতা কেনেদৰে সুৰক্ষিত ৰাখিব যি সময়ত চৰকাৰে ৩২ টা ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰেলৱে’ আৰু এয়াৰপৰ্ট ব্যক্তিগত খণ্ডক ইতিমধ্যে গতাই দিছে।

উল্লেখ যোগ্য যে আজিৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে LOC হওঁক বা LAC হওঁক, দেশৰ সাৰ্বভৌমত্ব প্ৰতি যি শক্তিয়েই চকু উঠাইছে, সেনাই সেই ভাষাৰেই উত্তৰ দিছে।অৱশ্যে প্ৰধান মন্ত্ৰীয়ে চীনৰ নাম লোৱাৰ পৰা বিৰত আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.