সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ’ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ নেতৃত্বত। এই ফালৰ পৰা চাবলৈ গ’লে এনে এটা বিশাল দলৰ এক বছৰ দিন ধৰি সভাপতি অবিহনে চলাৰ নজিৰ হয়তো ভাৰতৰ ৰাজনৈতিক ইতিহাসতে নোলাব। কিন্তু ইমানৰ পাছতো অলৰ অচৰ দলটো।

শেহতীয়াকৈ দলটোৰ প্ৰায় ২৩ জন জ্যেষ্ঠ নেতাই এই জড়তা ভঙাৰ এক ক্ষুদ্ৰ প্ৰয়াস হিচাপে দলৰ সভাপতি পদৰ নিৰ্বাচন অনুস্থিত কৰাকে আদি কৰি এক ব্যাপক সাংগঠনিক সাল সলনিৰ প্ৰস্তাৱ সম্বলিত এক পত্ৰ ছোনিয়া গান্ধীক প্ৰেৰণ কৰিছিল।পত্ৰ খনক গঠনাত্মক ভাবে লোৱাৰ সলনি যোৱা কালিৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ(CWC)মিটিংত দেখা গ’ল তাৰ এক বিপৰীত ছবিহে। কংগ্ৰেছৰ সূত্ৰৰ জৰিয়তে সংবাদ মাধ্যমত প্ৰচাৰ পোৱা খবৰ অনুসৰি পত্ৰ লিখা নেতা সকলক বিজেপিৰ লগত সম্পৰ্ক থকা বুলিহে ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিলে।

- Donation -

এইখিনিতে প্ৰশ্ন হয়- গান্ধী পৰিয়ালৰ নেতৃত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিলেই দশক দশক ধৰি কংগ্ৰেছ দলৰ সেৱা আগবঢ়োৱা নেতা সকল বিজেপিৰ এজেণ্ট হৈ পৰে নেকি? প্ৰায়ে নিজকে উদাৰবাদী আৰু গণতান্ত্ৰিক আখ্যা দিয়া কংগ্ৰেছ দলৰ ভিতৰত সচাই আছে নে মতবিৰোধক গ্ৰহণ কৰাৰ ক্ষমতা? গান্ধী পৰিয়ালক বিৰোধিতা কৰিলেই আৰ এছ এছ বা বিজেপিৰ এজেণ্ট আখ্যা দিয়া আৰু নৰেন্দ্ৰ মোডীক সমালোচনা কৰিলে ‘ দেশদ্ৰোহী’ আখ্যা দিয়াৰ মাজত বা পাৰ্থক্যই কিমান?

যি সময়ত সমগ্ৰ দেশজুৰি বিজেপি-আৰ এছ এছে ‘হিন্দু ভাৰত’ নিৰ্মাণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিছে, তেনে এক সময়ত কংগ্ৰেছ দল সম্পৰ্কে অৱতাৰণা হোৱা এই প্ৰশ্ন সমূহ অতিশয় দুৰ্ভাগ্য জনক। তাতোকৈও দুৰ্ভাগ্যজনক কংগ্ৰেছ দলক নিজৰ পৈত্তিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব বিচৰা নেহৰু-গান্ধী পৰিয়ালৰ অকালপক্কতা।

ছোনিয়া গান্ধীৰ ৰাজনৈতিক নেতৃত্ব আৰু পাৰদৰ্শিতাৰ প্ৰতি কোনো সন্দেহ নাথাকিলেও, যোৱা প্ৰায় ৬ তা বছৰে ৰাহুল গান্ধীয়ে যে দেশৰ জনগণৰ মন জিকিব পৰা নাই সেইটো প্ৰায় নিশ্চিত। তেনে এক প্ৰক্ষাপটত ৰাহুল গান্ধীক পুনৰ কংগ্ৰেছ সভাপতি হিচাপে অধিস্তিত কৰিবলৈকে যদি এনেদৰে এটা বছৰ সময় অতিক্ৰম কৰা হ’ল,ই কংগ্ৰেছ দলৰ স্থিতাৱস্থাবাদী মনোভাৱকহে প্ৰতিফলিত কৰে।

এনে স্থিতাৱস্থাবাদী আৰু পৰিয়ালকেন্দ্ৰিক মনোভাৱেৰে যদি দলটোৱে নিজকে বিজেপিৰ বিকল্প হিচাপে অনাগত দিন সমূহত প্ৰক্ষেপ কৰাৰ কথা ভাবিছে, তেনেহলে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে আন একো কৰা নাই। গতিকে নিজকে বিজেপিৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ কংগ্ৰেছে নিজৰ দলৰ ভিতৰত বৰ্তমান যি এক ব্যাপক সাংগঠনিক সাল সলনিৰ দাবী উঠিছে তাক গুৰুত্ব সহকাৰে আলোকপাত কৰা উচিত।
বয়সে ছোনিয়া গান্ধীক নেতৃত্বৰ বাবে যিদৰে অনুমতি নিদিয়ে তেনেদৰে অপাৰদৰ্শিতাই ৰাহুল গান্ধীকো সেই পদবীত পুনৰ অধিস্থিত কৰাৰ যোগ্যতাৰ পৰা বঞ্চিত কৰে। গতিকে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো লোকক নেতৃত্বৰ গুৰু দায়িত্ব এৰি দিয়াৰ বাহিৰে দলটোৰ ওচৰত আন কোনো উপায় নাই। এই কথাই হয়তো ২৩ জন জ্যেষ্ঠ কংগ্ৰেছ নেতাই গান্ধী পৰিয়ালক জনাইছিল।

দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিবেশত কংগ্ৰেছ দলে যেতিয়ালৈ নেহৰু-গান্ধী পৰিয়ালৰ উৰ্ধত গৈ দেশ আৰু জনগণৰ মৌলিক সমস্যা সমূহক লৈ আগবাঢ়িব নোৱাৰে তেতিয়ালৈকে কংগ্ৰেছ বিজেপিৰ বিকল্প হিচাপে থিয় হ’ব পৰাৰ আশা খীন।

Leave A Reply

Your email address will not be published.