ফেচবুক বিতৰ্ক: শশী থাৰুৰক পাৰ্লিয়ামেন্টেৰী কমিটি ফৰ আই টিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী বিজেপি সাংসদৰ

Share This Article

ফেচবুক আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ শেহতীয়া বাতৰিয়ে দেশৰ ৰাজনৈতিক মহলত খলকনি সৃষ্টি কৰা সময়ত এতিয়া বিজেপি সাংসদ নিশিকান্ত ডুবেই শশী থাৰুৰক পাৰ্লিয়ামেন্টেৰী কমিটিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰিছে।

Indian Express নামৰ বাতৰি কাকতত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি নিশিকান্ত ডুবেই লোকসভাৰ অধ্যক্ষ উম বিৰলাক পত্ৰ যোগে শশী থাৰুৰক কমিটিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী কৰে। এই পত্ৰত ডুবেই নিয়ম ২৮৩ ৰ অধীনত অধ্যক্ষৰ বিশেষ হস্তক্ষেপ দাবী কৰে।

ইতিমধ্যে পাৰ্লিয়ামেন্টেৰী কমিটি ফৰ আই টিয়ে ফেচবুকক জবাবদিহি কৰাৰ পিছতে থাৰুৰ আৰু ডুবেই এজনে আনজনৰ বিৰুদ্ধে বিশেষ অধিকাৰত হস্তক্ষেপ (breach of priviledge) অভিযোগ আনিছে। উল্লেখযোগ্য যে WSJ নামৰ বাতৰি কাকত এখনে ফেচবুকে ব্যৱসায়িক লাভালাভৰ বাবে বিজেপি নেতা সকলৰ ঘৃণা বিয়পুৱা মন্ত্ৰ্যব্যৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰি এক ৰিপোৰ্ট প্ৰকাশ কৰিছিল। তাৰ পিছতে এই বিষয়টোক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত এতিয়া খণ্ড যুদ্ধ আৰম্ভ হৈছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.