ফেচবুক-বিজেপি সম্পর্কৰ বিতৰ্কয়ে খলকনি তুলিছে দেশৰ ৰাজনীতিত

Share This Article

ফেচবুক বিতৰ্কই সমগ্ৰ দেশতে খলকনি লগোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি।

গোটেই বিষয়তোৰ সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰি ছ’ছিয়েল মিডিয়া কোম্পানীটোৰ মালিক মাৰ্ক জোকাৰবাৰ্গলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ জেনেৰেল চেক্ৰেটাৰী কে চি ভেনুগোপালে প্ৰেৰণ কৰা উক্ত পত্ৰত ফেচবুকক এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও আহ্বান জনোৱা হৈছে।

কংগ্ৰেছৰ এই পত্ৰৰ পিছতে দলটোক উভতি ধৰিছে বিজেপি দলৰ নেতা তথা মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে।ৰবি শংকৰ প্ৰসাদে এখন সংবাদ মেল সম্বোধন কৰি কয় যে ৰাহুল গান্ধীয়ে যি প্ৰতিষ্ঠানে তেখেতৰ ইচ্ছা অনুসৰী কাম নকৰে তেনে অনুষ্ঠানক বিজেপিৰ আৰু আৰ এছ এছৰ মতে চলে বুলি ভাবে।

এই ৰাজনৈতিক অৰিয়া অৰিৰ মাজতে ফেচবুকৰ জ্যেষ্ঠ বিষয়া তথা পাব্লিক পলিচি ডাইৰেক্টৰ অংখী দাসৰ বিৰুদ্ধে চট্টিশগড়ত FIR ৰুজু কৰা হৈছে।FIR খনত তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা বিয়পুৱাৰ অভিযোগ উঠিছে।

একে সময়তে অংখী দাসেও দিল্লী আৰক্ষীক ছ’ছিয়েল মিডিয়াত তেওঁৰ জীৱনলৈ ভাবুকি অহা বুলি FIR দাখিল কৰিছে।

featured photo courtesy:The Tribune

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.