ফেচবুক আৰু বিজেপিৰ মাজত কি সম্পৰ্ক?-ফাদিল হৈছে ভয়ংকৰ তথ্য

Share This Article

ফেচবুকত ঘৃণা বিয়পোৱা বিজেপিৰ নেতা সকলৰ বিৰুদ্ধে ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটোৱে কিয় কোনো ব্যৱস্থা নলয়? ফেচবুকৰ ‘Hate speech’ (ঘৃণা বিয়পোৱা মন্তব্য) বিৰোধী নিয়ম সমূহ কিয় প্ৰযোজ্য নহয় বিজেপি নেতাৰ বিৰুদ্ধে? কিয় ফেচবুকে এই ধৰণৰ ঘৃণা বিয়পোৱা সাম্প্ৰদায়িক মন্তব্যবোৰ নিজৰ প্লেটফৰ্মত চলি থাকিব দিয়ে? বিজেপিৰ লগত ফেচবুকৰ আপোচ ক’ত?

এই প্ৰশ্ন সমূহে এতিয়া খলকনি তুলিছে দেশৰ সচেতন মহলত। শেহতীয়াকৈ ৱাল ষ্ট্ৰীট জাৰ্নেল নামৰ বিশ্বৰ প্ৰতিষ্ঠিত বাতৰি কাকত খনত প্ৰকাশ পোৱা এক বাতৰিৰ পৰাই আৰম্ভ হৈছে এই বিতৰ্ক।

বাতৰি কাকতখনে শেহতীয়াকৈ প্ৰকাশ কৰা এক ৰিপোৰ্টত কৈছে যে বিজেপিৰ বহু নেতাই সাম্প্ৰদায়িক, উচটনীমূলক আৰু ঘৃণাৰে ভৰা বক্তব্য ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰি থকাৰ পাছতো প্লেটফৰ্মটোৱে এই নেতা সকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।

ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটোৰ বহুতো কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰীৰ লগত হোৱা কথোপকথন আৰু তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত বাতৰি কাকত খনে কয় যে ফেচবুকৰ ভাৰত শাখাৰ বহু উচ্চ পদস্ত বিষয়াই ছ’ছিয়েল মিডিয়া কোম্পানীটোৰ নিয়মৰ বিৰুদ্ধে গৈ এই ঘৃণা বিয়পুৱা নেতা সকলক ৰক্ষণাবেক্ষণ দি আহিছে।

ৰেপ’ৰ্টটোৱে আনকি দাবী উত্থাপন কৰিছে যে যোৱা লোকসভা নিৰ্বাচনৰ সময়তো প্লেটফৰ্মটোৰ ভাৰত শাখাৰ উচ্চ পদস্ত একাংশ কৰ্মচাৰীয়ে বিজেপি দলক আওপকীয়াকৈ সহায় কৰিছিল।

ৰিপৰ্টতোৰ অনুসৰী বিজেপি নেতা টি ৰাজাই নিজৰ ফেচবুক পোষ্টত লিখিছিল যে ৰোহিংঙীয়া মুছলমানক গুলি মাৰি দিব লাগে। মুছলমানক দেশদ্ৰোহী হিচাপে আখ্যা দিয়াৰ উপৰিও মছজিদ ভঙাৰ কথাও কৈছিল। এই পোষ্টৰ ফেচবুক কৰ্মচাৰীয়ে বিৰোধ কৰিছিল আৰু এই পোষ্টক কোম্পানীৰ নিয়মৰ বিপৰীত আখ্যা দিছিল। কিন্তু ফেচবুকৰ ভাৰতত থকা জেষ্ঠ কৰ্মচাৰীয়ে সেই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইয়াৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু RSS ক সমালোচনা কৰি কয় যে BJP আৰু RSS য়ে ভাৰতত ফেচবুক আৰু ৱাটচএপক নিয়ন্ত্ৰণ কৰিছে। ৰাহুল গান্ধীয়ে আৰু কয় যে এইবোৰৰ জৰিয়তে BJP আৰু RSS য়ে দেশত ফেক নিউজ আৰু ঘৃণা বিয়পাইছে।

Featured photo Courtesy: The Logical Indian

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.