সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ সাহায্য

'কা' আন্দোলনৰ বন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গৰ "কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন"ৰ ৫০,০০০ (পঞ্চাছ হাজাৰ) টকাৰ অৰ্থ সাহাৰ্য্য প্ৰদান। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাবলৈ যোৱা ১৩ আগষ্টৰ…

লাডাখ সীমান্তত চীনা সৈন্যক প্ৰতিৰোধ কৰা ‘বিকাশ বেটেলিয়ন’ আচলতে কি?

লাডাখ সীমান্তত ভাৰত চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া চর্চালে আহিছে এটা বিশেষ নাম। বিকাশ বেটেলিয়ন বা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ(SFF) নামে জনাজাত এই বিশেষ সামৰিক গোটতোৰ বহু সাহসিকতাৰ কাহিনী এতিয়া সংবাদ মাধ্যমত বিয়পি পৰিছে। কিছু…

বৰাক উপত্যকাক বিজেপিয়ে মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ প্ৰদীপ দত্ত ৰায়ৰ

বৰাক উপত্যকাক অৱহেলা কৰিছে নেকি বিজেপি চৰকাৰে? বঙালী বিৰোধী দল নেকি বিজেপি? কিয় ইমান দিনে শিলচৰ ষ্টেচনক ভাষা শ্বহীদৰ নামেৰে নামাকৰণ হোৱা নাই? এই প্ৰশ্ন আকছাৰ প্ৰতিষ্ঠাতা সভাপতি তথা উচ্চ ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী প্ৰদীপ দত্ত ৰায়ৰ।…

দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত দেৱাঙ্গনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

আজি দিল্লী উচ্চ ন্যায়ালয়ৰ এক জনীয়া বিচাৰপীঠে দেবঙ্গনা কলিতাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা FIR No 50/2020 ত জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪ তা গোচৰৰ তিনিটা গোচৰতে জামিন লাভ কৰে দেৱাঙ্গনা কলিতাই। আজি জামিন লাভ কৰা গোচৰত…

এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি…

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ব্লাড ক্লট আঁতৰোৱাৰ কাৰণে এই অস্ত্ৰোপচাৰ কৰোৱা…

ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট

ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। কিন্ত শেহতিয়াকৈ WSJ ৰ আন এক প্ৰতিবেদনত অংখি দাস…

প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ শাস্তি হিচাপে ১ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে

প্ৰশান্ত ভূষণৰ আদালত অৱমাননা (Contempt of Court) গোচৰৰ শাস্তি হিচাপে আজি উচ্চতম ন্যায়ালয়ে বিশিষ্ট আইনজীৱী জনক ১ টকাৰ জৰিমনা বিহে।উচ্চতম ন্যায়ালয়ে ভূষণৰ শাস্তি ঘোষণা কৰি কয় যে যদিহে তেখেতে এই জৰিমনা ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়…

লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা

যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি যুগে জনাইছে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি চীনা সৈন্যৰ এই শেহতীয়া…