দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত দেৱাঙ্গনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

Share This Article

আজি দিল্লী উচ্চ ন্যায়ালয়ৰ এক জনীয়া বিচাৰপীঠে দেবঙ্গনা কলিতাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা FIR No 50/2020 ত জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪ তা গোচৰৰ তিনিটা গোচৰতে জামিন লাভ কৰে দেৱাঙ্গনা কলিতাই।

আজি জামিন লাভ কৰা গোচৰত দেৱাঙ্গনা কলিতাই দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰৰোচনা মূলক মন্তব্য দিয়াৰ অভিযোগ আছিল। কিন্তু দিল্লী পুলিচে দেৱাঙ্গনা কলিতাৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে। উল্লেখযোগ্য যে দিল্লী পুলিচে সংগ্ৰহ কৰা কোনো CCTV ফুটেজত দেৱাঙ্গনা কলিতাই হিংসাত লিপ্ত হোৱা অথবা প্ৰৰোচনা মূলক বক্তব্য দিয়াৰ প্ৰমাণ দিব নোৱাৰিলে। ইয়াৰ পিছতে ন্যায়াধীশ সুৰেশ কুমাৰ কাইতৰ নেতৃত্বত দিল্লী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপিঠে দেৱাঙ্গনা কলিতাৰ আজি এই গোচৰত জামিন মঞ্জুৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.