এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

Share This Article

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%।

ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি চর্চা চলি আছিল আৰু অৰ্থনৈতিক উন্নয়নৰ হাৰ যে ঋণাত্মক হ’ব সেই কথা বহুতো অৰ্থনৈতিক বিশেষজ্ঞই দাবী কৰি আহিছিল।

উল্লেখযোগ্য যে এপ্ৰিল , মে’ মাহত সমগ্ৰ ভাৰতবৰ্ষ জুৰি লকডাউন পালন কৰা হৈছিল। গতিকে এই তিনি মাহৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ঋণাত্মক হোৱাটোৱে স্বাভাৱিক। আজিৰ প্ৰকাশ পোৱা এই তথ্য অনুসৰি উদ্যোগ খণ্ডত GDP হৈছে -৩৮.১%, সেৱা খণ্ডৰ GDP হৈছে -২০.৬%, নিৰ্মান তথা উৎপাদন ক্ষেত্ৰত GDP হৈছে -৩৯.৩% আৰু হোটেল খণ্ডৰ GDP হৈছে -৪৭%। অৱশ্যে কৃষি খণ্ডৰ উন্নয়নৰ হাৰ ধনাত্মক অৰ্থাৎ ৩.৪%।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.