লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা

Share This Article

যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি যুগে জনাইছে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি চীনা সৈন্যৰ এই শেহতীয়া সামৰিক প্ৰচেষ্টাই যোৱা কিছুদিন ধৰি দেশ দুখনৰ মাজত চলি থকা সামৰিক আৰু কূটনৈতিক আলোচনাত যি এক সহমতত উপনীত হৈছিল, তাক ভংগ কৰিছে।

অৱশ্যে ভাৰতৰ সেনা বাহিনীয়ে পংগঙ হ্ৰদৰ দক্ষিণাঞ্চলত চীনা সৈন্যৰ এই প্ৰচেষ্টা ব্যর্থ কৰে আৰু নিজৰ স্থিতি মজবুত কৰে। উক্ত প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় সেনা শান্তি আৰু আলোচনাৰ মাজেৰে এই বিবাদ সমাধান হোৱাটো বিচাৰে যদিয়ো নিজৰ ভূ খণ্ডৰ অখণ্ডতা ৰক্ষা কৰিবলৈ সদায় দৃঢ় পৰিপক্ক।

প্ৰেছ বিজ্ঞপ্তিটোত আৰু জনায় যে ইতিমধ্যে এই সমস্যা সমাধানৰ বাবে ব্ৰিগেড কামাণ্ডাৰ পৰ্যায়ৰ ফ্লেগ মিটিং বৰ্তমান চুচুল অঞ্চলত চলি আছে।

PIB press release

উল্লেখযোগ্য যে যোৱা কিছুদিন আগত বিভিন্ন সংবাদ মাধ্যমত ভাৰতৰ যুদ্ধ জাহাজ দক্ষিণ চীন সাগৰৰ দিশে যোৱা বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছতে চীনা সৈন্যৰ পংগঙ হ্ৰদত স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টাই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

 

Featured photo courtesy: The Wire

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.