বৰাক উপত্যকাক বিজেপিয়ে মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ প্ৰদীপ দত্ত ৰায়ৰ

Share This Article

বৰাক উপত্যকাক অৱহেলা কৰিছে নেকি বিজেপি চৰকাৰে? বঙালী বিৰোধী দল নেকি বিজেপি? কিয় ইমান দিনে শিলচৰ ষ্টেচনক ভাষা শ্বহীদৰ নামেৰে নামাকৰণ হোৱা নাই? এই প্ৰশ্ন আকছাৰ প্ৰতিষ্ঠাতা সভাপতি তথা উচ্চ ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী প্ৰদীপ দত্ত ৰায়ৰ।

শেহতীয়াকৈ বিজেপিক বঙালী বিৰোধী আখ্যা দি প্ৰদীপ দত্ত ৰয়ে বৰাকক বিজেপি চৰকাৰে মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ আনিছে। শেহতীয়াকৈ হোৱা অসম চৰকাৰৰ নিযুক্তি সমূহত বৰাক উপত্যকাৰ এজনো বঙালীয়ে চাকৰি নোপোৱাকলৈও ক্ষোভ ব্যক্ত কৰে প্ৰদীপ দত্ত ৰায়ে।

উত্তৰ পূব তথা অসমত বিজেপিৰ পিতামহ স্বৰূপ কবিন্দ্ৰ পুৰকায়স্থক এলাগী কৰাৰ অভিযোগ আনি তেখেতে কয় যে পশ্চিম বংগৰ তথাগত ৰায়ক যি সময়ত ত্ৰিপুৰা আৰু মেঘালয়ৰ ৰাজ্যপাল বনোৱা হ’ল, কবিন্দ্ৰ পুৰুকায়স্থক ৰাজ্যপাল হিচাপে নিয়োগ কৰিবলৈ এবাৰলৈও কেন্দ্ৰীয় চৰকাৰক অনুৰোধ নজনালে অসমৰ বিজেপি চৰকাৰে।

ইয়াৰ উপৰিও কাছাৰৰ কাগজ কল পুনৰ আৰম্ভ কৰা, ডিটেনছন কেম্প বন্ধ কৰা আৰু বিদেশৰ পৰা কলা ধন ঘূৰাই অনা আদি বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্রুতিৰ বিৰুদ্ধেও সৰৱ হয় বিশিষ্ট আইনজীৱী জন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.