লাডাখ সীমান্তত চীনা সৈন্যক প্ৰতিৰোধ কৰা ‘বিকাশ বেটেলিয়ন’ আচলতে কি?

Share This Article

লাডাখ সীমান্তত ভাৰত চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ মাজতে এতিয়া চর্চালে আহিছে এটা বিশেষ নাম। বিকাশ বেটেলিয়ন বা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ(SFF) নামে জনাজাত এই বিশেষ সামৰিক গোটতোৰ বহু সাহসিকতাৰ কাহিনী এতিয়া সংবাদ মাধ্যমত বিয়পি পৰিছে। কিছু সূত্ৰৰ পৰা জানিব পৰা মতে যোৱা দুদিন পূৰ্বে লাডাখৰ পংগঙ হ্ৰদৰ সমীপত চীনা সৈন্যৰ প্ৰতিৰোধত এই সামৰিক গোটটোৱে বিশেষ ভূমিকা পালন কৰিছিল। কেৱল সেয়াই নহয় ভাৰত চীন সীমান্তৰ লাইন অৱ এক্সুৱেল কনট্ৰ’ল(LAC) ত বহু কেইটা সামৰিক দৃষ্টি কোণৰ পৰা গুৰুত্বপূৰ্ণ অৱস্থান গ্ৰহণ কৰাৰ ক্ষেত্ৰতো এই বিকাশ বেটেলিয়নৰ এক বিশেষ ভূমিকা আছে।

কিন্ত কি এই বিকাশ বেটেলিয়ন অথবা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ(SFF)?

SFF হৈছে ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ পিছত গঠন কৰা এক সামৰিক গোট। ই এটা গোপন সামৰিক গোট আছিল য’ত তিবেটীয়ান আৰু গোর্খা লোকেৰে গঠন কৰা হৈছিল। সেই সময়ত এই বিশেষ তথা গোপন সামৰিক গোটটোক Establishment 22 নামেৰে জনা গৈছিল। ২২ নং মাউন্টেইন ৰেজিমেন্টৰ কমাণ্ডাৰ মাজৰ জেনেৰেল সুজান সিং উবানে ইয়াৰ গঠনত সহায় কৰা বাবে এই গোপন গোটটোক establishment 22 নামেৰে জনা গৈছিল।

পৰৱৰ্তী সময়ত এই গোটটোৰ নাম সলনি কৰি বিকাশ বেটেলিয়ন অথবা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ(SFF) নামেৰে জনা যায়। এই গোপন গোটটো বৰ্তমান কেবিনেট চেক্ৰেটাৰীয়েটৰ অন্তৰ্গত আৰু সামৰিক বাহিনীৰ মেজৰ জেনেৰেল পৰ্যায়ৰএজন ইন্সপেক্টৰ জেনেৰেলৰ অধীনস্ত।

উল্লেখযোগ্য যে এই গোটটো ভাৰতীয় সেনাৰ পোনপটীয়াকৈ অধীনস্ত নহয় যদিয়ো সেনাৰ অপেৰেচনেল নিয়ন্ত্ৰণত কাম কৰে। জনীবা পৰা মতে এই বিশেষ গোটটোৱে ভাৰতৰ বহু কেইটা গুৰুত্বপূৰ্ণ অপাৰেচনত মুখ্য ভূমিকা পালন কৰিছিল। তাৰ ভিতৰত ১৯৭১ চনৰ বাংলাদেশ যুদ্ধ, অমৃতসৰৰ স্বৰ্ণ মন্দিৰত শিখ উগ্ৰপন্থীৰ বিৰুদ্ধে হোৱা অপেৰেচন ব্লু ষ্টাৰ আৰু কাৰ্গিল যুদ্ধ উল্লেখযোগ্য।

photo courtesy: The Print

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.