সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা…

ফেচবুক , ইউ টিউবক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?

ধৰ্মীয় অপপ্ৰচাৰ , ভুৱা বাতৰিক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ৷ভাৰতত কোভিডৰ প্ৰথম ঢৌৰ সময়ত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতক লৈ একাংশ সামাজিক মাধ্যম , ৱেব পোৰ্টেলত প্ৰচাৰ হৈছিল নানা ধৰণৰ ভুৱা বাতৰি ৷ তাৰ পাছত…

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ…

আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ সাধাৰণ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

পুলিচ- আচামী- উকীল এতিয়া একেলগে বিজেপিৰ মঞ্চত

আচামী , পুলিচ , অধিবক্তাই যদি এটা সময়ত একেটা ঘাটতে পানী খাবলৈ লয় , এইখন দেশত আইন , আৰক্ষী , আদালতৰ ওপৰত সাধাৰণ ৰাইজে বিশ্বাস ৰাখিব কেনেকৈ ?

সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰা ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই দললৈ আদৰিলে কিয় ?

নীৰৱ মোদী অথবা মেহুল চক্সীৰ নাম আপুনি নিশ্চয় শুনিছে ৷ এই আটাইকেইজন একো একোজন ডাঙৰ প্ৰবঞ্চক ৷ যিয়ে  বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰিছে ৷ এতিয়া কল্পনা কৰক , যদি নীৰৱ মোদী অথবা মেহুল চক্সীয়ে বিজেপি দলত যোগদান কৰে , তেনেহ’লে তেওলোকৰ সকলো…

ৰাহুল গান্ধী – অখিল গগৈৰ বৈঠকত আজি কি আলোচনা হ’ব ?

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ পাছত দ্ৰুতগতিত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মহাজোঁটৰ ক্ৰমাৎ কাষ চাপিছে ৰাইজৰ দল ৷ মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ৰাইজৰ…

কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু…

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি…