ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

Share This Article

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল গান্ধীৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত অখিল গগৈয়ে উপ – নিৰ্বাচনত আসন বুজাবুজিৰ প্ৰস্তাৱ কংগ্ৰেছ নেতাগৰাকীৰ সন্মুখত দাঙি ধৰে ৷ এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে ৷ তেও অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ লগত আলোচনা কৰি পৰৱৰ্তী ৰণকৌশল নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷সেইমৰ্মে বৃহস্পতিবাৰে জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত বহিব অখিল গগৈ ৷ ইয়াৰ পূৰ্বে এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ লগতো বৈঠকত বহিছিল ৰাইজৰ দলে সভাপতিগৰাকী ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.