ৰাহুল গান্ধী – অখিল গগৈৰ বৈঠকত আজি কি আলোচনা হ’ব ?

Share This Article

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ পাছত দ্ৰুতগতিত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইবাৰ মহাজোঁটৰ ক্ৰমাৎ কাষ চাপিছে ৰাইজৰ দল ৷ মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ বুধবাৰে অখিল গগৈ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মাজত অনুষ্ঠিত হ’ব আন এখন গুৰুত্বপূৰ্ণ বৈঠক ৷বিয়লি ৪ ৰ পৰা ৫ বজাৰ ভিতৰত অখিল গগৈয়ে নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷ মূলত: সমাগত উপ –নিৰ্বাচন আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতে এই বৈঠকত আলোচনা হ’ব ৷ লগতে ৰাইজৰ দল মহাজোঁটৰ অংশীদাৰ হ’বনে নাই – সেই সন্দৰ্ভতো আজিয়েই চূড়ান্ত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.