ফেচবুক , ইউ টিউবক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?

Share This Article

ধৰ্মীয় অপপ্ৰচাৰ , ভুৱা বাতৰিক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ৷ভাৰতত কোভিডৰ প্ৰথম ঢৌৰ সময়ত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতক লৈ একাংশ সামাজিক মাধ্যম , ৱেব পোৰ্টেলত প্ৰচাৰ হৈছিল নানা ধৰণৰ ভুৱা বাতৰি ৷ তাৰ পাছত ভুৱা বাতৰি নিয়ন্ত্ৰণৰ বাবে আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল জমিয়ত উলেমা ই – হিন্দ ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য নয়ায়াধীশ এন ভি ৰামানাই কয় যে ৱেব পৰ্টেলৰ ওপৰত কাৰো কোনো নিয়ন্ত্ৰণ নাই। ৱেব পৰ্টেলবোৰে একোটা বাতৰিক সাম্প্ৰদায়িক ৰূপ দিও প্ৰচাৰ কৰে ৷এইটোৱে হৈছে মূল সমস্যা ৷ এনে ঘটনাই দেশখনকে বদনাম কৰে ৷

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে একাংশ সংবাদ মাধ্যমে সাম্প্ৰদায়িক বাতৰি প্ৰকাশ কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কয় যে টুইটাৰ, ফেচবুক  আৰু ইউটিউবে আনকি ন্যায়াধীশ সকলকো সঁহাৰি নিদিয়ে। কোনো দায়বদ্ধতা অবিহনে  প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে লিখি থাকে।তেওলোকে কেৱল শক্তিশালী কণ্ঠকহে গুৰুত্ব দিয়ে ৷

দেশৰ উচ্চতম ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে এইবুলিও আক্ষেপ প্ৰকাশ কৰে যে ৱেব পৰ্টেল আৰু ইউটিউব চেনেলবোৰৰ ভুৱা বাতৰিৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। যদি আপুনি ইউটিউব চায়, আপুনি দেখিব কেনেদৰে ভুৱা বাতৰি মুকলিকৈ প্ৰচাৰ কৰা হৈছে। কাৰণ যিকোনো লোকে ইউটিউবত চেনেল আৰম্ভ কৰিব পাৰে। কিন্তু উদ্বেগজনক ভাৱে ছছিয়েল মিডিয়া প্লেটফৰ্মৰ ফালৰ পৰা এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

মুখ্য ন্যায়াধীশ গৰাকীৰ  মতে মানুহৰ বিষয়েটো বাদেই ৱেব পৰ্টেল সমূহ ৰাজহুৱা প্ৰতিষ্ঠান আৰু ন্যায়াধীশ সকলক লৈয়ো স্বেচ্ছাচাৰী ভুৱা বাতৰি প্ৰকাশ কৰে।ৱেব পৰ্টেল সমূহে সাধাৰণ জনতাৰ প্ৰশ্নৰ কোনো সঁহাৰি নিদিয়ে। প’ৰ্টেলে কেৱল শক্তিশালী লোকসকলকহে সঁহাৰি দিয়ে।

এই সম্পৰ্কে মন্তব্য কৰি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ৱেব পৰ্টেল সমূহ নিয়ন্ত্ৰণৰ বাবে নতুন আইটি নিয়ম প্ৰৱৰ্তনৰ প্ৰচেষ্টা চলি আছে। মেহতাই আদালতক কয় যে সামাজিক আৰু ডিজিটেল মাধ্যম নিয়ন্ত্ৰণৰ বাবে নতুন তথ্য প্ৰযুক্তি নিয়ম প্ৰস্তুত কৰা হৈছে। তেওঁ বিভিন্ন উচ্চ ন্যায়ালয়ত জমা হোৱা আই টি নিয়মক প্ৰত্যাহ্বান জনোৱা আবেদন সমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ আবেদন কৰিছিল। কিয়নো এই সন্দৰ্ভত বিভিন্ন উচ্চ ন্যায়ালয়ে পৃথক আদেশ প্ৰদান কৰি আহিছে। যিহেতু বিষয়টো সমগ্ৰ দেশৰ লগত সম্পৰ্কিত সেয়েহে এক দেশৰ এক সামগ্ৰিক প্ৰতিচ্ছবি পৰ্যবেক্ষণ কৰাটো নিত্যান্তই প্ৰয়োজনীয়।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.