পুলিচ- আচামী- উকীল এতিয়া একেলগে বিজেপিৰ মঞ্চত

Share This Article

আচামী , পুলিচ , উকীল – এটা গোচৰত সংপৃক্ত হৈ থকা তিনিজন ভিন্ন পেচাৰ মানুহ এতিয়া গোট খাইছে একেখন মঞ্চত ৷ তিনিওগৰাকী ব্যক্তি এটা আদৰ্শবান , ক্ষমতাশালী দলৰ একোজন গুৰুত্বপূৰ্ণ নেতা ৷তেওলোক এতিয়া একেটা দলৰ সহকৰ্মী – সহযাত্ৰী ৷ আচৰিত যেন লাগিলেও , বিশ্বাস কৰিবলৈ টান পালেও এনে এটা ঘটনাই শেহতীয়াকৈ সংঘটিত হ’ল এইখন অসমত ৷ কোন এই তিনি ব্যক্তি , ক’ত একলগ হৈছে তেওলোক ?

চন ২০১৮ ৷ অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা চমুকৈ বি আই ই ওয়ে ৰুজু কৰে এটা বিত্তীয় জালিয়াতিৰ গোচৰ ৷গোচৰ নং ২/২০১৮ ৷ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৪৬৮ , ৪২০ আৰু ৪০৬ ধাৰাৰ অধীনত ৰুজু হোৱা এই গোপৰটোৰ অনুসন্ধান আৰম্ভ কৰি তদন্তকাৰী সংস্থাটোৱে ৫ জন ব্যক্তিক প্ৰধান অভিযুক্ত হিচাপে চিহ্ণিত কৰে ৷ ২০১৮ চনৰ মাৰ্চ মাহত আৰক্ষীয়ে এই গোচৰটোত গ্ৰেপ্তাৰ কৰে পাঁচজন অভিযুক্তক ৷ অভিযুক্ত কেইজন আছিল বিল্ডাৰ ফনী তালুকদাৰ , অমৰেন্দ্ৰ কলিতা , বানৱৰীলাল পাৰেখ , সুৰুয শৰ্মা আৰু শৈলেন ৰয় ৷ প্ৰায় ২ কৌটি ৫৮ লাখ টকাৰ বেংকৰ ঋণ জালিয়াতিৰ গোচৰত তেওলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে সেই সময়ত ফনী তালুকদাৰ অসুস্থ হৈ পৰাত তেওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ফনী তালুকদাৰ তিনিবছৰ পাছত ভবানীপুৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় আৰু বুধবাৰে তেও এ আই ইউ ডি এফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷

ফনী তালুকদাৰৰ গ্ৰেপ্তাৰৰ বাতৰি

গোচৰটো সন্দৰ্ভত  তদন্তকাৰী সংস্থা বি আই ই ওৰ তেতিয়াৰ আৰক্ষী অধীক্ষক শ্যামল শইকীয়াই  সংবাদ মাধ্যমৰ আগত  কৈছিল যে তিনিওজন অভিযুক্তই পঞ্জাৱ নেচনেল বেংকৰ জু ৰোড শাখাৰ পৰা এটা ঋণ লৈছিল ৷ কিন্তু ঋণ লোৱা সময়ত তেওলোকে প্ৰবঞ্চনাৰ অভিপ্ৰায়েৰে বেংকত দাখিল কৰিছিল ভুৱা নথি পত্ৰ ৷ গ্ৰেপ্তাৰ হোৱা বানৱৰীলাল পাৰেখে দুটা ফ্লেটৰ নামত বেংকটোৰ পৰা ঋণ লৈছিল ৷ কিন্তু যি দুটা ফ্লেটৰ নামত তেও ঋণ লৈছিল , সেই ফ্লেট দুটা আন ব্যক্তিৰ নামতহে ৰেজিষ্টাৰ হৈ আছিল ৷ অথচ এই ফ্লেট দুটাক ভুৱা নথিৰে নিজৰ বুলি দেখুৱাইছিল বানৱৰীলাল পাৰেখে ৷ বেংকৰ অনুসন্ধানত এই জালিয়াতি ধৰা পৰাৰ পাছত বেংক কৰ্তৃপক্ষই গোচৰ ৰুজু কৰে ৷এই গোচৰতে পাঁচজন প্ৰধান অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে তেওলোক আন জালিয়াতিৰ লগত জড়িত আছে নেকি , সেই বিষয়ে অনুসন্ধান কৰি থকা বুলিও সদৰী কৰে ৷শ্যামল শইকীয়াই লগতে জানিবলৈ দিছিল যে ফ্লেটৰ ভুৱা ডকুমেন্ট দাখিল কৰি ১ কৌটি ৫৮ লাখ টকা আৰু আন ১ কৌটি টকাৰ কেচ ঋণ লোৱা হৈছিল ৷ যি দুটা ফ্লেটৰ তথ্য বেংকত দাখিল কৰা হৈছিল , সেই ফ্লেটৰ নিৰ্মাতা আছিল স্কাই স্ক্ৰেপাৰ্ছ ৰিয়েল্টৰ্চৰ স্বত্বাধিকাৰী তথা এতিয়াৰ বিজেপি নেতা ফনী তালুকদাৰ ৷ গোচৰটোত গ্ৰেপ্তাৰ হোৱা আন লোককেইজনো ফনী তালুকদাৰৰে ব্যৱসায়িক সহযোগী আছিল ৷

 

ফনী তালুকদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত শ্যমল শইকীয়াৰ বক্তব্য

সময় সলনি হ’ল ৷ ব্ৰক্ষ্মপুত্ৰৰ বুকুৰে বহুত পানী বৈ গ’ল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে আৰক্ষী বিষয়া শ্যামল শইকীয়াই চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লয় আৰু ২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰে ৷ শ্যামল শইকীয়াই ৰহা সমষ্টিৰ পৰা দলীয় টিকট বিচাৰিছিল যদিও সময়ত টিকট লাভ নকৰিলে ৷ প্ৰাক্তণ আৰক্ষী বিষয়াগৰাকী এতিয়াও বিজেপি দলৰ সক্ৰিয় নেতা ৷সময়ৰ গতিত শ্যামল শইকীয়াই গ্ৰেপ্তাৰ কৰা ফনী তালুকদাৰেও যোগ দিলে বিজেপি দলত ৷ অৰ্থাৎ আচামী আৰু পুলিচ আজিৰে পৰা হৈ পৰিল সহকৰ্মী – সহযাত্ৰী ৷

শ্যামল শইকীয়াই বিজেপিত যোগ দিয়াৰ সময়ৰ ফটো

ইয়াৰ পূৰ্বে ফনী তালুকদাৰ আকৌ এবাৰ গ্ৰেপ্তাৰ হৈছিল ২০১১ চনত ৷ সোণাপুৰত চৰকাৰী মাটি দখল কৰাৰ গোচৰত ৷ সেই সময়ত ফনী তালুকদাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ৷ বিজন মহাজনেই কেইমাহমানৰ ভিতৰত আইনী যুঁজ দি অভিযুক্ত ফনী তালুকদাৰক জামিন দিয়াবলৈ সক্ষম হৈছিল ৷ নক’লেও হয় যে অধিবক্তা বিজন মহাজন বিজেপি দলৰো এজন সক্ৰিয় নেতা আৰু দলটোৰ মুখপাত্ৰৰ ভূমিকাও পালন কৰিছিল ৷

বিজন মহাজনে ফনী তালুকদাৰৰ হৈ ওকালতি কৰা বাতৰি

গতিকে ফনী তালুকদাৰে বিজেপিত যোগ দিয়াৰ পাছত অধিবক্তা আৰু আচামীৰ বাবেও মঞ্চ  একেখনেই হৈ পৰিল ৷ পুলিচ , আচামী , অধিবক্তাক একেখন মঞ্চ, একেটা দলত দেখাৰ পাছত আকৌ এবাৰ স্পষ্ট হৈ পৰিছে যে ৰাজনীতিত অসম্ভৱ বুলিবলৈ একো নাই ৷ কিন্তু একেসময়তে উত্থাপণ হৈছে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন – আচামী , পুলিচ , অধিবক্তাই যদি এটা সময়ত একেটা ঘাটতে পানী খাবলৈ লয় , এইখন দেশত আইন , আৰক্ষী , আদালতৰ ওপৰত সাধাৰণ ৰাইজে বিশ্বাস ৰাখিব কেনেকৈ ?

ফনী তালুকদাৰক বিজেপিলৈ আদৰণি

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.