সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ সাৰথি হ’বলৈ আগবাঢ়ি আহিছে প্ৰসিদ্ধ ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ ৷ প্ৰশান্ত কিশোৰ ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ চৰ্চিত এটি নাম ৷বৰ্তমান কোনো দলৰ আনুষ্ঠানিক সদস্য নহ’লেও প্ৰতিটো দলৰ বাবেই তেও প্ৰয়োজনীয় সম্পদ ৷ শেহতীয়া পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সফলতাৰ পাছত প্ৰশান্ত কিশোৰক মোদী – অমিত শ্বাহৰ আটাইতকৈ সফল আৰু কঠিন প্ৰতিদ্বন্দী বুলি গণ্য কৰা হৈছে ৷ এইগৰাকী প্ৰশান্ত কিশোৰেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ সাজু হৈছে ৷ কিন্তু এইবাৰ তেও বেচৰকাৰী সংস্থা আই পেকৰ জড়িয়তে নিৰ্বাচনী ৰাজনীতিত জড়িত হ’ব বিচাৰ নাই ৷ প্ৰশান্ত কিশোৰে বিচাৰিছে কংগ্ৰেছ দলত পোনপটীয়াকৈ চামিল হৈ দেশজুৰি বিৰোধী মহাজোঁট গঢ়ি তুলিবলৈ ৷ তাৰ বাবে কংগ্ৰেছ দলত প্ৰশান্ত কিশোৰে এক সন্মানজনক স্থান দাবী কৰিছে ৷ এই লৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগত তেও দীঘলীয়া আলোচনাতো মিলিত হৈছে আৰু নিজৰ পৰিকল্পনা কংগ্ৰেছ হাইকামাণ্ডৰ সন্মুখত দাঙি ধৰিছে ৷চৰ্চা চলিছিল যে প্ৰয়াত কংগ্ৰেছ নেতা আহমদ পেটেলৰ স্থানত সংস্থাপিত কৰা হ’ব ৷ কিন্তু সদায়ে হৈ অহাৰ দৰে যুৱ আৰু সম্ভাৱণাপূৰ্ণ নেতাৰ উত্তৰণৰ বাটত আকৌ হেঙাৰ হৈ থিয় দিছে প্ৰবীন কংগ্ৰেছ নেতাৰ এটা দল ৷

কংগ্ৰেছৰ ২৩ গৰাকী নেতাৰ এটা গোটে দীৰ্ঘদিন ধৰি দলটোৰ সংস্কাৰৰ কথা কৈ আহিছে ৷ এ আই চি চিত তেওলোক বিসম্বাদী হিচাপে পৰিচিত আৰু সংবাদ মাধ্যমে এই গোটটোৰ নাম দিছে –জি টুৱেন্টী থ্ৰী অৰ্থাৎ গ্ৰুপ টুৱেন্টী থ্ৰী ৷ এই বিসম্বাদী গোটৰ নেতাসকল শেহতীয়াকৈ কপিল চিব্বালৰ বাসগৃহত এক বৈঠকত মিলিত হয় ৷ আলোচনাৰ বিষয় আছিল প্ৰশান্ত কিশোৰ ৷ এই ২৩ গৰাকী নেতা প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদানৰ বিৰোধী নহয় যদিও তেওক উচ্চ পদবী দিয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷ কেৱল সেয়াই নহয় , প্ৰশান্ত কিশোৰৰ নেতৃত্বত সুকীয়া নিৰ্বাচনী সমিতি গঠনৰো বিৰোধিতা কৰে এইসকল নেতাই৷ এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদান ৷

- Donation -

তাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ ওলাইছে যে প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত সংস্থাপনৰ বিষয়টোত হস্তক্ষেপ কৰিছে খোদ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷তেও ইতিমধ্যে জ্যেষ্ঠ্ নেতাসকলৰ লগত এই বিষয়ে আলোচনা কৰিছে আৰু শীঘ্ৰে নিৰ্বাচনী ৰণনীতিকাৰ গৰাকীক কংগ্ৰেছত কিদৰে সংস্থাপিত কৰা হ’ব , সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব ৷যদিহে ছোনিয়া গান্ধীৰ পৰা প্ৰশান্ত কিশোৰে সেউজ সংকেত লাভ কৰে তেনেহ’লে হয়তো কিছুদিনৰ ভিতৰতে কংগ্ৰেছে লাভ কৰিব পাৰে এক নতুন ৰূপ ৷ কিন্তু প্ৰশান্ত কিশোৰে গভীৰ সংকটৰ পৰা কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰেনে নোৱাৰে তাৰ উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনলৈ ৷

 

 

Leave A Reply

Your email address will not be published.