প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ যাত্ৰাত হেঙাৰ হৈছে কোন ?

Share This Article

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছ এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৷ জ্যোতিৰাদিত্য সিন্ধিয়া , জিতিন প্ৰসাদৰ দৰে যুৱ নেতাই দল এৰি গৈছে ৷ শচীন পাইলট অসন্তুষ্ট ৷ পঞ্জাৱ , ৰাজস্থানত চৰকাৰ চলিছে চূড়ান্ত অস্থিৰতাৰ মাজত ৷ তাৰ মাজতে কংগ্ৰেছৰ সংকট কালৰ সাৰথি হ’বলৈ আগবাঢ়ি আহিছে প্ৰসিদ্ধ ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ ৷ প্ৰশান্ত কিশোৰ ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ চৰ্চিত এটি নাম ৷বৰ্তমান কোনো দলৰ আনুষ্ঠানিক সদস্য নহ’লেও প্ৰতিটো দলৰ বাবেই তেও প্ৰয়োজনীয় সম্পদ ৷ শেহতীয়া পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সফলতাৰ পাছত প্ৰশান্ত কিশোৰক মোদী – অমিত শ্বাহৰ আটাইতকৈ সফল আৰু কঠিন প্ৰতিদ্বন্দী বুলি গণ্য কৰা হৈছে ৷ এইগৰাকী প্ৰশান্ত কিশোৰেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ সাজু হৈছে ৷ কিন্তু এইবাৰ তেও বেচৰকাৰী সংস্থা আই পেকৰ জড়িয়তে নিৰ্বাচনী ৰাজনীতিত জড়িত হ’ব বিচাৰ নাই ৷ প্ৰশান্ত কিশোৰে বিচাৰিছে কংগ্ৰেছ দলত পোনপটীয়াকৈ চামিল হৈ দেশজুৰি বিৰোধী মহাজোঁট গঢ়ি তুলিবলৈ ৷ তাৰ বাবে কংগ্ৰেছ দলত প্ৰশান্ত কিশোৰে এক সন্মানজনক স্থান দাবী কৰিছে ৷ এই লৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগত তেও দীঘলীয়া আলোচনাতো মিলিত হৈছে আৰু নিজৰ পৰিকল্পনা কংগ্ৰেছ হাইকামাণ্ডৰ সন্মুখত দাঙি ধৰিছে ৷চৰ্চা চলিছিল যে প্ৰয়াত কংগ্ৰেছ নেতা আহমদ পেটেলৰ স্থানত সংস্থাপিত কৰা হ’ব ৷ কিন্তু সদায়ে হৈ অহাৰ দৰে যুৱ আৰু সম্ভাৱণাপূৰ্ণ নেতাৰ উত্তৰণৰ বাটত আকৌ হেঙাৰ হৈ থিয় দিছে প্ৰবীন কংগ্ৰেছ নেতাৰ এটা দল ৷

কংগ্ৰেছৰ ২৩ গৰাকী নেতাৰ এটা গোটে দীৰ্ঘদিন ধৰি দলটোৰ সংস্কাৰৰ কথা কৈ আহিছে ৷ এ আই চি চিত তেওলোক বিসম্বাদী হিচাপে পৰিচিত আৰু সংবাদ মাধ্যমে এই গোটটোৰ নাম দিছে –জি টুৱেন্টী থ্ৰী অৰ্থাৎ গ্ৰুপ টুৱেন্টী থ্ৰী ৷ এই বিসম্বাদী গোটৰ নেতাসকল শেহতীয়াকৈ কপিল চিব্বালৰ বাসগৃহত এক বৈঠকত মিলিত হয় ৷ আলোচনাৰ বিষয় আছিল প্ৰশান্ত কিশোৰ ৷ এই ২৩ গৰাকী নেতা প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদানৰ বিৰোধী নহয় যদিও তেওক উচ্চ পদবী দিয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷ কেৱল সেয়াই নহয় , প্ৰশান্ত কিশোৰৰ নেতৃত্বত সুকীয়া নিৰ্বাচনী সমিতি গঠনৰো বিৰোধিতা কৰে এইসকল নেতাই৷ এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদান ৷

তাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ ওলাইছে যে প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত সংস্থাপনৰ বিষয়টোত হস্তক্ষেপ কৰিছে খোদ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷তেও ইতিমধ্যে জ্যেষ্ঠ্ নেতাসকলৰ লগত এই বিষয়ে আলোচনা কৰিছে আৰু শীঘ্ৰে নিৰ্বাচনী ৰণনীতিকাৰ গৰাকীক কংগ্ৰেছত কিদৰে সংস্থাপিত কৰা হ’ব , সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব ৷যদিহে ছোনিয়া গান্ধীৰ পৰা প্ৰশান্ত কিশোৰে সেউজ সংকেত লাভ কৰে তেনেহ’লে হয়তো কিছুদিনৰ ভিতৰতে কংগ্ৰেছে লাভ কৰিব পাৰে এক নতুন ৰূপ ৷ কিন্তু প্ৰশান্ত কিশোৰে গভীৰ সংকটৰ পৰা কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰেনে নোৱাৰে তাৰ উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনলৈ ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.