সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰা ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই দললৈ আদৰিলে কিয় ?

Share This Article

নীৰৱ মোদী অথবা মেহুল চক্সীৰ নাম আপুনি নিশ্চয় শুনিছে ৷ এই আটাইকেইজন একো একোজন ডাঙৰ প্ৰবঞ্চক ৷ যিয়ে  বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰিছে ৷ এতিয়া কল্পনা কৰক , যদি নীৰৱ মোদী অথবা মেহুল চক্সীয়ে বিজেপি দলত যোগদান কৰে , তেনেহ’লে তেওলোকৰ সকলো অপৰাধ মাফ কৰি দিয়া হ’ব নেকি ?এই প্ৰশ্ন উত্থাপণ হৈছে অসম বিজেপিৰ আজিৰ এটা পৰিঘটনাৰ পৰা ৷ এ আই ইউ ডি এফৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনী তালুকদাৰে দল এৰি বুধবাৰে যোগদান কৰিলে বিজেপি দলত ৷ আনুষ্ঠানিভাৱে বিজেপিত যোগদান কৰাৰ পূৰ্বে তেও মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰে ৷ খোদ মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফৰ পদত্যাগী বিধায়কগৰাকীক দললৈ আদৰণি জনায় ৷  বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ পৰা গৈ বিজেপিত যোগদান কৰা ফনী তালুকদাৰেই প্ৰথমগৰাকী বিধায়ক ৷  ফনী তালুকদাৰৰ বিজেপিত যোগদানে ৰাইজৰ সন্মুখত মেলি দিলে আন বহু প্ৰশ্ন ৷ কিন্তু কিয় ? কি এই প্ৰশ্ন ?

ফনী তালুকদাৰ ৷বিগত বিধানসভা নিৰ্বাচনত ভবানীপুৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলৰ টিকটত বিধায়ক হিচাপে জয়ী হৈছিল ৷ ইয়াৰ পূৰ্বে দুবাৰ তেও একেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও জয়ৰ মুখ দেখা নাছিল ৷ এইবাৰ তেও বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু এইগৰাকী ফনী তালুকদাৰৰ প্ৰকৃত পৰিচয় এগৰাকী ৰাজনীতিবিদ নহয় ৷ বিভিন্ন মাটি দখলৰ কেলেংকাৰি , বেংকৰ ঋণ জালিয়াতিৰ লগত সাঙোৰ খাই আছে ফনী তালুকদাৰৰ নাম ৷ কেৱল সেয়াই নহয় ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত দুবাৰকৈ জেলৰ ভাত খাবলগীয়া হৈছিল এইগৰাকী ফনী তালুকদাৰে ৷

ফনী তালুকদাৰক প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল সোণাপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত ২০১১ চনত ৷ এই গোচৰ ৰুজু কৰিছিল সোণাপুৰৰ চক্ৰ বিষয়াই ৷ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেপেছিয়াত চৰকাৰী মাটি দখল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ফনী তালুকদাৰক ৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৪৭ , ৪২৭ , ৩৭৯ আৰু হিল লেণ্ড এণ্ড ইকোলজিকেল চাইট প্ৰটেকশ্যন এক্টৰ ধাৰা ১৯ ৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ফনী তালুকদাৰ ৷ ফনী তালুকদাৰৰ গ্ৰেপ্তাৰৰ পাছতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য কৰিছিল যে মাটি দখলৰ অনৈতিক কাৰ্যৰ লগত বহু আৰক্ষী বিষয়াও জড়িত হৈ আছে ৷

সেইবাৰ ৰঙাঘৰৰ ভাত খোৱাৰ পাছতো এইগৰাকী ফনী তালুকদাৰৰ স্বভাৱৰ কোনো পৰিৱৰ্তন নহ’ল ৷ ২০১৮ চনৰ মাৰ্চ মাহত তেও পুণৰবাৰ গ্ৰেপ্তাৰৰ সন্মুখীন হয় ৷ এইবাৰ অপৰাধ – বেংকৰ ঋণ জালিয়াতি ৷অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান সংস্থা চমুকৈ বি আই ই অ’ত ৰুজু হৈ থকা ২/২০১৮ নং গোচৰটোত তেওক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তদন্তকাৰী বিষয়াই সেই সময়ত জানিবলৈ দিছিল যে ফনী তালুকদাৰে আন চাৰিজন সহযোগীৰ সৈতে পঞ্জাৱ নেচনেল বেংকৰ জু ৰোড শাখাৰ পৰা জালিয়াতিৰে ২ কৌটি ৫৮ লাখ টকাৰ ঋণ সৰকাইছিল ৷ ইয়াৰে ১ কৌটি ৫৮ লাখ টকাৰ ঋণ তেও অস্তিত্বহীন দুটা বিল্ডিঙৰ নামত সৰকাই নিয়াৰ বিপৰীতে ১ কৌটি টকাৰ কেচ ঋণ ভুৱা নথি পত্ৰৰে সৰকাইছিল ৷ যাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৪৬৮ , ৪২০ আৰু ৪০৬ ধাৰাৰ অধীনত তেওক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয় ৷ সেই সময়ত অসম আৰক্ষী আছিল প্ৰাক্তন মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত ৷

ইয়াৰ বাহিৰেও মাটি দখল সম্পৰ্কীয় আন গোচৰো ফনী তালুকদাৰৰ বিৰুদ্ধে ৰুজু হৈ আছে ৷ কিন্তু সেই সকলো পাপ যেন তেও খণ্ডন কৰিব বিচাৰিছে বিজেপি দলত যোগদান কৰি ৷ তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল – বিগত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত জালিয়াতি আৰু প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তক খোদ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দললৈ আদৰণি জনাইছে ৷ইয়াৰ পাছত বিজেপিয়ে নিজকে আদৰ্শত অটল দল হিচাপে পৰিচয় দিয়াৰ নৈতিক সাহস ৰাখিব পাৰিবনে ?

চৰ্চা চলিছে যে পূৰ্বৰ গোচৰৰ পৰা পৰা ৰেহাই পাবলৈ আৰু নিজৰ ব্যৱসায়িক প্ৰতিপত্তি বঢ়োৱাৰ লক্ষ্যৰে বিজেপিত যোগ দিছে ফনী তালুকদাৰে ৷ এতিয়া প্ৰশ্ন হ’ল – ফনী তালুকদাৰৰ পূৰ্বৰ পাপৰ ভাগ এতিয়াৰ বিজেপি দল আৰু চৰকাৰে মূৰ পাতি ল’বনে ? নে বিজেপিত যোগ দিয়াৰ বাবেই সকলো পাপ খণ্ডণ হৈ যাব ?

যদি বিজেপিত যোগ দিয়া বাবেই ফনী তালুকদাৰৰ সকলো অপৰাধ মাফ হৈ যায় , তেনেহ’লে নীৰৱ মোদী অথবা মেহুল চক্সীৰ দৰে দাগী অপৰাধী , প্ৰবঞ্চকেও একেই পথ ল’ব বুলি এতিয়া বিভিন্ন মাধ্যমত আলোচনা চলিছে ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক কিদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আমোলত দললৈ আদৰি নিয়া হ’ল , তাৰো উত্তৰ শাসকীয় দলটোৰ পৰা অসমৰ ৰাইজে নিশ্চয় বিচাৰিব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.