The Crosscurrent Fact Check : সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে মিছা মাতিছে নেকি ?

Share This Article

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ গুজৰাট বিজেপিৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ ৰাজনাথ সিঙে এইবুলিও কয় যে কেন্দ্ৰীয় চৰকাৰে কোনো সন্ত্ৰাসবাদীক তেওলোকৰ কামত সফল হ’বলৈ নিদিয়ে ৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা জন্মু- কাশ্মীৰ বাদ দি দেশৰ আন ঠাইত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা নাই ৷ এইখন চৰকাৰৰ এইটো এটা বৃহৎ সফলতা ৷ ৰাজনাথ সিঙৰ মতে উৰিৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ জড়িয়তে সেনা বাহিনীয়ে সমগ্ৰ বিশ্বক এটা বাৰ্তা দিবলৈ সক্ষম হৈছে যে কোনোবাই যদি এই দেশৰ ক্ষতি কৰিবলৈ বিচাৰে তেনেহ’লে সীমা পাৰ হৈ গৈও তাৰ প্ৰত্যুত্তৰ দিয়া হ’ব ৷কিন্তু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই দাবী প্ৰকৃততে কিমান সঁচা ? খোদ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশবাসীৰ আগত মিছা মাতিছে নেকি ? ‘দ্য ক্ৰছকাৰেন্ট ফেক্ট চেক’ত কি ওলাল ?

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল ২০১৪ চনৰ মে’ মাহত ৷ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত জন্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ ঘটনাবোৰ কেইটামান উদাহৰণ এনেধৰণৰ –

২০১৪ চনৰ ৫ ডিচেম্বৰত জন্মু কাশ্মীৰৰ মোহৰা আৰ্মি কেম্পত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত নিহত হয় ১১ জনকৈ সেনা জোৱান ৷২০১৬ চনৰ ছেপ্তেম্বৰ মাহত উৰিত চলা সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৭ জনকৈ জোৱান শ্বহীদ হয় ৷২০১৬ চনৰ ২৯ নৱেম্বৰত জন্মু কাশ্মীৰৰ নাগৰোটাত সংঘটিত আন এক আক্ৰমণত নিহত হয় ৭ জন জোৱান ৷ তাৰ পূৰ্বে ২০১৬ চনৰে ৩ অক্টোবৰত জন্মু- কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত নিহত হৈছিল এজন বি এছ এফ জোৱান ৷২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মু কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাবাদী আক্ৰমণৰ ঘটনা এতিয়াও কোনেও পাহৰিব পৰা নাই ৷য’ত ৪০ গৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱান শ্বহীদ হৈছিল ৷

পুলৱামা

জন্মু কাশ্মীৰৰ বাদে দেশৰ আন ঠাইত চলা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কেতবোৰ ঘটনা হ’ল- ২০১৬ চনৰ জানুৱাৰী মাহত পঞ্জাৱৰ পাঠানকোটত সন্ত্ৰাসবাদীয়ে  এক ভয়াবহ আক্ৰমণ সংঘটিত কৰে ৷য’ত ৫ জন সেনা জোৱান নিহত হয় ২০১৮ চনৰ ১৩ মাৰ্চত চট্টিছগড়ৰ চুকমাত সংঘটিত এক আই ই ডি বিস্ফোৰণত শ্বহীদ হৈছিল ৯ জন চি আৰ পি এফৰ জোৱান ৷

পাঠানকোট

এয়া কেইটামান উদাহৰণহে ৷ চাউথ এছিয়া টেৰোৰিজিম পোৰ্টেলত প্ৰকাশিত তথ্য অনুসৰি , ২০১৪ চনৰ জানুৱাৰীৰ পৰা ২০১৯ চনৰ ১১ এপ্‌ৰিল পৰ্যন্ত ভাৰতত ৯৪২ টা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ য’ত ৪৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১, ৫৮৯ জন লোক নিহত হৈছিল ৷অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা পাছতো সন্ত্ৰাসবাদীয়ে প্ৰাণ লৈছিল নিৰীহ নাগৰিকৰ ৷ আনহাতে ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীত লোকসভাত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০১৮ চনলৈ জন্মু – কাশ্মীৰত ১, ৭০৮ টা , উত্তৰ পূৰ্বাঞ্চলত ২, ৪৪২ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ বাহিৰেও মাওবাদীয়ে বিভিন্ন স্থানত সংঘটিত কৰিছে ৪, ৯৬৯ টা আক্ৰমণৰ ঘটনা ৷

‘ইণ্ডিয়া টুডে’ৰ খবৰ অনুসৰি ২০১৭ চনৰ ৭ মাৰ্চত ভূপাল উজ্জইন ট্ৰেইনত সংঘটিত সংঘটিত হৈছিল এক বোমা বিস্ফৰোণৰ ঘটনা ৷ য’ত ১১ জন লোক আহত হয় ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল  নেচনেল ইনভেষ্টিগেটিঙ এজেন্সীক ৷ নিয়াই এই বোমা বিস্ফোৰণত আইছিছ জড়িত থকা বুলি উল্লেখ কৰি ৪ জন অভিযুক্তৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীটো দাখিল কৰিছিল ৷

ইফালে, ‘নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’ত ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত  প্ৰকাশিত তথ্য অনুসৰি ভাৰতত ২০১৮ চনত ১৭৪ টা আই ই ডি বিস্ফোৰণত ১০৮ জন লোক নিহত হৈছে আৰু ২০১৭ চনত ২৪৪ টা আই ই ডি বিস্ফোৰণত ৬১ জন লোক নিহত হৈছিল ৷ এন এছ জিৰ নেচনেল বোম্ব ডাটা চেন্টাৰৰ তথ্য অনুসৰি  কেৱল ২০১৬ চনত ভাৰতত ৩৩৭ টা আই ই ডি আৰু ৬৯ তা অন্যান্য বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ আই ই ডি বিস্ফোৰণত ১১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৭৯ জন আহত হৈছে ৷ আনহাতে , অন্য বিস্ফোৰণৰ ঘটনাত ৬ জন নিহত আৰু ২৬ জন আহত হৈছে ৷

একেদৰে ‘ইক’নমিক টাইমছ’ৰ বাতৰি অনুসৰিও ভাৰতত ২০১৪ চনত ১৯০ টা আৰু ২০১৫ চনত ২৬৮ টা আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত আটাইতকৈ বেছি বোমা বিস্ফোৰণ সংঘটিত হোৱা বুলি বাতৰিটোত কোৱা হৈছে ৷

বিভিন্ন সংবাদ মাধ্যম আৰু চৰকাৰী সংস্থাই দাঙি ধৰা তথ্যই প্ৰমান কৰে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো জন্মু কাশ্মীৰৰ লগতে দেশৰ অন্য প্ৰান্তত সন্ত্ৰাসবাদীৰ আক্ৰমণ অব্যাহত আছে ৷ য’ত শ শ নীৰিহ লোক আৰু সেনা জোৱানে প্ৰাণ হেৰুৱাইছে ৷ গতিকে জন্মু কাশ্মীৰৰ বাহিৰে আন প্ৰান্তত ডাঙৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ হোৱা নাই বুলি ৰাজনাথ সিঙে কৰা দাবী ‘দ্য ক্ৰছকাৰেন্ট ফেক্ট চেক’ত ভুৱা প্ৰমানিত হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.