সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৮ বছৰ বয়সত বিবাহ বিচ্ছেদ নকৰিলে বাল্য বিবাহ বৈধ বুলি গণ্য কৰা হবঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ…

যদি কোনো নাবালক বা নাবালিকাই ১৮ বছৰ হোৱাৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছিল তেন্তে তাৰ পিছত কেৱল বিবাহ বিচ্ছেদৰ জৰিয়তেহে স্বামীৰ পৰা পৃথকীকৰণ বিচাৰিব পাৰিব। লুধিয়ানাৰ এখন পাৰিবাৰিক আদালতৰ বাল্য বিবাহক অবৈধ বুলি দিয়া ৰায়ক অগ্ৰাহ্য কৰি পঞ্জাৱ…

লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ

বিগত প্ৰায় দুটা বছৰে দেশত চলি আছে তলাবন্ধ আৰু ক'ভিডৰ তাণ্ডৱ। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ। লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ। চৰকাৰী তথ্য অনুসৰি ২০২০ চনত পথ দুৰ্ঘটনাত ১২০০০০ লোকৰ মৃত্যু হৈছিল।…

যদি কোনো আঞ্চলিক দলে বিজেপিক দুৰ্বল কৰিব বিচাৰে তেন্তে কংগ্ৰেছক সহায় কৰকঃ গৌৰৱ গগৈ

সমাগত বিধানসভা উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি আৰু কংগ্ৰেছকে আদি কৰি ৰাজ্যৰ আটাইবোৰ সক্ৰিয় আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ইয়াৰ মাজতে আজি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ…

চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰঃ অক্টোবৰত খুলিব চিনেমা হল

ক’ভিড সৃষ্ট ভয়ানক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র হল সমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চর্চা…

মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ ঢাকা আৰক্ষীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে ঢাকা মেট্ৰ'পলিটান আৰক্ষীয়ে। ঢাকা মেট্ৰ'পলিটান আৰক্ষীৰ চোৰাংচোৱা শাখাই সন্ত্ৰাসবাদী সংগঠন হেফাজত-ই-ইছলামৰ সদস্য ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ…

কিয় RCBৰ অধিনায়কত্ব ত্যাগ কৰিব বিচাৰিছে বিৰাট কোহলীয়ে?

টি-২০ ফৰ্মেটত ভাৰতৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু অৰ্থাৎ RCBৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে। RCBৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা এটা টুইট কৰা হৈছে যে বিৰাট কোহলীয়ে IPL ২০২১…

পঞ্জাৱৰ ১৬তম মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে চৰণজিৎ সিং চান্নীয়ে

আজি চণ্ডিগড়ত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চৰণজিৎ সিং চান্নীয়ে। ৫৮ বছৰীয়া চান্নী হল ৰাজ্যখনৰ প্ৰথম দলিত মুখ্যমন্ত্ৰী। অনুষ্ঠানটোত অ'পি চোনি আৰু সুখজিন্দৰ ৰন্ধাৱাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চামকৌৰ চাহিবৰ তিনিবাৰৰ…

আজিৰ দিনটোতেই শ্বহীদ হৈছিল অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাঃ কিন্তু কেনেকৈ?

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ মৃত্যুতিথি। ১৯৪২ চনৰ আজিৰ দিনটোতেই ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল কনকলতাই। সমদলৰ…

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড সংক্ৰমণঃ দেওবাৰৰ দিনটোত প’জিটিভ ২৫৯

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক'ভিড সংক্ৰমণ। দেওবাৰৰ দিনটোত ৰাজ্যত ২৮২৫১ টা ক'ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৫৯ গৰাকী ৰোগীৰ শৰীৰত ধৰা পৰে মাৰাত্মক ক'ভিড। দেওবাৰে প'জিটিভিটিৰ হাৰ ০.৯২ শতাংশ। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত…

শিক্ষাৰ্থী সমাজৰ বাবে সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল দশম শ্রেণীৰ পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ চৰকাৰী-বেচৰকৰী হাইস্কুল, আৱাসিক বিদ্যালয় আৰু দিবা ব’র্ডিং শিক্ষানুষ্ঠানত আৰম্ভ হৈছে পাঠদান। ইতিমধ্যে দশম শ্রেণীৰ পাঠদান সন্দর্ভত ৰাজ্য চৰকাৰে SOP জাৰি কৰিছে। সেই…