যদি কোনো আঞ্চলিক দলে বিজেপিক দুৰ্বল কৰিব বিচাৰে তেন্তে কংগ্ৰেছক সহায় কৰকঃ গৌৰৱ গগৈ

সমাগত বিধানসভা উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি আৰু কংগ্ৰেছকে আদি কৰি ৰাজ্যৰ আটাইবোৰ সক্ৰিয় আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ইয়াৰ মাজতে আজি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে কংগ্ৰেছ কাৰ্যকৰ্তা সকলে কংগ্ৰেছে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো বিচাৰে। গতিকে আগন্তুক উপ নিৰ্বাচন সম্পৰ্কে আমাৰ এই সিদ্ধান্ত হাইকামাণ্ডক জনোৱা হব আৰু হাইকামাণ্ডৰ সিদ্ধান্তৰ ভিত্তিতে অসমত কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হব। আন ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাত কংগ্ৰেছৰ কোনো আপত্তি নাই কিন্তু আসন ভাগ-বতৰা নহয়। কাৰণ আটাইতকৈ শক্তিশালী বিৰোধী দল কংগ্ৰেছ। সেয়েহে যদি কোনো আঞ্চলিক দলে বিজেপিক দুৰ্বল কৰিব বিচাৰে তেন্তে তেওঁলোকে কংগ্ৰেছক সহায় কৰক।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296