চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰঃ অক্টোবৰত খুলিব চিনেমা হল

ক’ভিড সৃষ্ট ভয়ানক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র হল সমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চর্চা কৰিব৷ বর্তমান যিহেতু নিশা ৯ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয় সেয়ে নিশা আঠ বজাৰ ভিতৰত সকলো বন্ধ কৰিব লাগে৷ চিনেমা হল চলিব লাগিলে সান্ধ্য আইনৰ সময়সীমা আৰু কিছু হ্ৰাস কৰিব লাগিব৷ সেই বাধা আঁতৰাৰ উপৰি সকলোৱে ভেকচিন লৈ চিনেমা গৃহত আহিছে নে নাই সেয়া এতিয়া পৰীক্ষা কৰাটো সম্ভৱ নহয়৷ সেয়ে চৰকাৰে প্রথমতে অধিকসংখ্যক লোকক ভেকচিন দি লোৱাটো বিচাৰিছে৷ স্বাস্থ্যমন্ত্রী মহন্তই লগতে কয় যে চলিত ছেপ্ঢেম্বৰ মাহত ক’ভিডৰ সংক্রমণ ৰাজ্যখনত কিমান হ্রাস পায় সেয়া পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে চিনেমা হল খোলাৰ সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296