সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰঃ অক্টোবৰত খুলিব চিনেমা হল

ক’ভিড সৃষ্ট ভয়ানক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র হল সমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চর্চা কৰিব৷ বর্তমান যিহেতু নিশা ৯ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয় সেয়ে নিশা আঠ বজাৰ ভিতৰত সকলো বন্ধ কৰিব লাগে৷ চিনেমা হল চলিব লাগিলে সান্ধ্য আইনৰ সময়সীমা আৰু কিছু হ্ৰাস কৰিব লাগিব৷ সেই বাধা আঁতৰাৰ উপৰি সকলোৱে ভেকচিন লৈ চিনেমা গৃহত আহিছে নে নাই সেয়া এতিয়া পৰীক্ষা কৰাটো সম্ভৱ নহয়৷ সেয়ে চৰকাৰে প্রথমতে অধিকসংখ্যক লোকক ভেকচিন দি লোৱাটো বিচাৰিছে৷ স্বাস্থ্যমন্ত্রী মহন্তই লগতে কয় যে চলিত ছেপ্ঢেম্বৰ মাহত ক’ভিডৰ সংক্রমণ ৰাজ্যখনত কিমান হ্রাস পায় সেয়া পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে চিনেমা হল খোলাৰ সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব

Leave A Reply

Your email address will not be published.