সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজিৰ দিনটোতেই শ্বহীদ হৈছিল অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাঃ কিন্তু কেনেকৈ?

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ মৃত্যুতিথি। ১৯৪২ চনৰ আজিৰ দিনটোতেই ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল কনকলতাই। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল মাথোঁ ১৮ বছৰ। কনকলতাৰ জন্ম হৈছিল গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত। পিতৃ বগাৰাম বৰুৱা আছিল পেচাত এজন খেতিয়ক। কনকলতা সৰু থাকোঁতেই পিতৃৰ মৃত্যু হৈছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্বনামধন্য নাৰী সকলৰ ভিতৰত কনকলতাৰ নাম চিৰনমস্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মৃত্যু বাহিনীত যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত কনকলতা মাটিত বাগৰি পৰে আৰু থানাৰ সম্মুখতে মৃত্যু ঘটে। উল্লেখ্য যে কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত কাকতিয়ো একে স্থানতে শ্বহীদ হৈছিল।
দেশৰ হকে প্ৰাণ আহুতি দিয়া কনকলতাক কিমানজনে মনত ৰাখিছে? দুৰ্দান্ত সাহস আৰু প্ৰেৰণাৰ প্ৰতীক কনকলতাক কিমানজনে চিনি পায়?

Leave A Reply

Your email address will not be published.