Investigative reporting with dedication.
লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ

বিগত প্ৰায় দুটা বছৰে দেশত চলি আছে তলাবন্ধ আৰু ক’ভিডৰ তাণ্ডৱ। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ। লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ। চৰকাৰী তথ্য অনুসৰি ২০২০ চনত পথ দুৰ্ঘটনাত ১২০০০০ লোকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বে ২০১৯ চনত ১.৩৬ লাখ আৰু ২০১৮ চনত ১.৩৫ লাখ লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বহুতে আশা কৰিছে যে পথ দুৰ্ঘটনাৰ সমস্যাটোও চৰকাৰে মহামাৰীৰ দৰেই গুৰুত্ব সহকাৰে লব।





