১৮ বছৰ বয়সত বিবাহ বিচ্ছেদ নকৰিলে বাল্য বিবাহ বৈধ বুলি গণ্য কৰা হবঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

যদি কোনো নাবালক বা নাবালিকাই ১৮ বছৰ হোৱাৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছিল তেন্তে তাৰ পিছত
কেৱল বিবাহ বিচ্ছেদৰ জৰিয়তেহে স্বামীৰ পৰা পৃথকীকৰণ বিচাৰিব পাৰিব। লুধিয়ানাৰ এখন পাৰিবাৰিক আদালতৰ বাল্য বিবাহক অবৈধ বুলি দিয়া ৰায়ক অগ্ৰাহ্য কৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিছে এক আশ্চৰ্য্যজনক ৰায়।
বিগত বৰ্ষৰ ২২ জুনত এহাল দম্পতীয়ে লুধিয়ানা পাৰিবাৰিক আদালতত বৈবাহিক সম্পৰ্ক ছেদ কৰিবলৈ বিচাৰিছিল। পাৰিবাৰিক আদালতে হিন্দু বিবাহ আইন ১৯৫৫ৰ ধাৰা ৫(৩)ৰ উদ্ধৃতি দি কয় যে বিয়াৰ সময়ত কইনাৰ বয়স ১৮ বা অধিক হ’লেহে বিবাহ আইনীভাৱে বৈধ বুলি বিবেচনা কৰা হয়। যিহেতু বিয়াৰ সময়ত মহিলা গৰাকীৰ বয়স ১৮তকৈ কম আছিল গতিকে বিয়াখনক বৈধ বুলি গণ্য কৰা নহব আৰু দম্পতিহালে বিবাহ বিচ্ছেদৰ ন্যায়িক অনুমতি নাপাব।
ইফালে ন্যায়াধীশ ৰিতু বাহৰি আৰু ন্যায়াধীশ অৰুণ মোঙ্গাই অন্য এক নিৰ্দেশনা জাৰি কৰি কয় যে যিহেতু উত্তৰদাতা পত্নীৰ বয়স বিবাহৰ সময়ত ১৭ বছৰ ৬ মাহ আৰু ৮ দিন আছিল আৰু পত্নীয়ে বিবাহ বিচ্ছেদৰ বাবে কোনো আবেদন দাখিল কৰা নাছিল গতিকে হিন্দু বিবাহ আইনৰ ধাৰা ১৩-বি-ৰ অধীনত বিবাহ বিচ্ছেদৰ আবেদন-১৯৫৫ চন অনুসৰি দম্পতিহালক বিবাহ বিচ্ছেদৰ অনুমতি দিয়া উচিত।
বিবাহ বিচ্ছেদ বিচৰা দম্পতীহালে ২০০৯ চনৰ ২৭ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল যেতিয়া পুৰুষ গৰাকীৰ বয়স আছিল ২৩ বছৰ। ২০১০ চনৰ ৩১ জানুৱাৰীত তেওঁলোকৰ এটা সন্তান হৈছিল।
আদালতে দুয়োপক্ষৰ বিবৃতি লিপিবদ্ধ কৰি পাৰস্পৰিক সন্মতিৰ দ্বাৰা দম্পতীহালক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰিছিল।
পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কয় যে লুধিয়ানা পাৰিবাৰিক আদালতে হিন্দু বিবাহ আইন-১৯৫৫ৰ ধাৰা ১৩(২)(আইভি) অনুসৰি দুয়োপক্ষই তেওঁলোকৰ বিবাহ বাতিল কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰয়োগ কৰি দম্পতীহালৰ আৱেদন ভুলকৈ খাৰিজ কৰিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296