শিক্ষাৰ্থী সমাজৰ বাবে সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

Share This Article

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল দশম শ্রেণীৰ পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ চৰকাৰী-বেচৰকৰী হাইস্কুল, আৱাসিক বিদ্যালয় আৰু দিবা ব’র্ডিং শিক্ষানুষ্ঠানত আৰম্ভ হৈছে পাঠদান। ইতিমধ্যে দশম শ্রেণীৰ পাঠদান সন্দর্ভত ৰাজ্য চৰকাৰে SOP জাৰি কৰিছে। সেই অনুসৰি প্রতিটো শ্রেণীকোঠাত ৩০জনকৈ শিক্ষার্থীকহে পাঠদান কৰিব পাৰিব শিক্ষকে৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহে অতিৰিক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগিব৷ তদুপৰি SOPত উল্লেখ থকা অনুসৰি জিলাসমূহৰ ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশৰ তলত থকাৰ ভিত্তিতহে দশম শ্রেণীৰ পাঠদান পুনৰ মুকলি কৰিবলৈ লোৱা হৈছে৷ যদিহে কোনো জিলাৰ পজিটিভিটীৰ হাৰ এটা নির্দিষ্ট দিনত ২ শতাংশৰ ওপৰত যায় তেন্তে উপায়ুক্তই এন এইচ এমৰ অভিযান সঞ্চালকৰ সৈতে আলোচনা কৰি পজিটিভিটীৰ হাৰ ২ শতাংশৰ তললৈ নহা পর্যন্ত শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ ৰাখিব পাৰিব৷
দশম, দ্বাদশ আৰু স্নাতক তথা স্নাতকোত্তৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ চূড়ান্ত ষাণ্মাসিকক বাদ দি আন শ্রেণীসমূহৰ পাঠদান পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব৷ কেৱল দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে শিক্ষা প্রতিষ্ঠানসমূহৰ হোষ্টেলসমূহো খোলাৰ অনুমতি দিয়া হৈছে৷ আজি আৰম্ভ হ’বলগীয়া পাঠদানৰ পূর্বৰ তিনিটা দিন শিক্ষক আৰু কর্মচাৰীসকলক প্রতিষেধক প্রদানৰ বাবে বিদ্যালয়সমূহ খোলাৰ অনুমতি দিয়া হৈছিল৷ প্রতিখন বিদ্যালয় তথা শিক্ষানুষ্ঠানে প্রতি সপ্তাহত এবাৰকৈ ছেনিটাইজ কৰাটো বাধ্যতামূলক আৰু ক’ভিড বিধি কঠোৰভাৱে মানি চলিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীয়ে শিক্ষক-কর্মচাৰীয়ে প্রতিষেধক লোৱাটো নিশ্চিত কৰিব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.