সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মকৰাজালত ছবি অংকন কৰি INDIA BOOK OF RECORDSত নাম অন্তৰ্ভুক্ত কৰিলে অসম সন্তান হিমাংকু দাসে

কোৱা হয় যে চিত্ৰকৰক ছবি আঁকিবলৈ কেনভাচ নালাগে। সৃষ্টিশীল মনৰ মানুহৰ বাবে পৃথিৱীয়েই হৈ পৰে বৃহৎ কেনভাচ। তাকেই প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ উদীয়মান যুৱক হিমাংকু দাসে। মকৰাজালত ছবি অংকন কৰি INDIA BOOK OF RECORDSত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম…

সুখবৰঃ ১৯ অক্টোবৰৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান

ৰাজ্যত বিগত দুটা বৰ্ষত ক'ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে বিধ্বস্ত হৈ পৰিছে সাধাৰণ জনজীৱন। ২টাকৈ শৈক্ষিক বৰ্ষ শ্ৰেণীকোঠাৰ বাহিৰত থাকি পাঠ্যক্ৰমৰ পৰা প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে শিক্ষাৰ্থী সমাজ। তদুপৰি অসমৰ দৰে ৰাজ্য এখনত অনলাইন ক্লাছেও…

আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিৰোধ্য সেনাপতি ভগৎ সিঙৰ জন্মতিথি

ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জাট নামৰ এক শিখ পৰিয়ালত। সিঙৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰ কালতেই ভগৎ সিঙে ইউৰোপীয় আন্দোলনৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিছিল। সৰুতেই সাম্যবাদৰ প্ৰতি আকৃষ্ট…

Just in- সৰ্বানন্দ সোণোৱালৰ পদত্যাগ

ৰাজ্যত সমাগত উপ নিৰ্বাচন। আজি মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সোণোৱাল। বিধানসভাৰ অধ্যক্ষৰ হাতত…

গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ নামত বিচাৰিছিল লাখ লাখ টকা

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে মাটিৰ দালাল বিৰোধী অভিযান। ইয়াৰ মাজতে গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন লাট মণ্ডল।গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলগৰাকীৰ নাম গুলজাৰ হুছেইন। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত…

চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত

চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই…

পৰ্যটকৰ বাবে সুখবৰঃ ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটক সকলৰ বাবে সুখবৰ। ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে ক'ভিড পৰিস্থিতি আৰু বানপানীৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ আছিল কাজিৰঙাৰ চাফাৰী সেৱা। অৱশ্যে ১ অক্টোবৰত কেৱল মাত্ৰ কহৰা আৰু বাগৰি বনাঞ্চলতহে বনাঞ্চলতহে…

গৰমৰ পৰা সকাহ পাব আপুনিঃ আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা

বিগত কিছুদিন ধৰি উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। কিন্তু গৰমৰ পৰা কিছু সকাহ পাব জনসাধাৰণে। কাৰণ আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ কোনো কোনো ঠাইত বৰষুণৰ লগতে থাকিব বিজুলী-ধেৰেকনি। বৰঝাৰস্থিত আঞ্চলিক…

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ কি বিশেষ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ হেৰালেও কোনো চিন্তাৰ কাৰণ নাই আৰু ঘৰতেই বহি লাভ কৰিব পাৰিব লাইচেঞ্চ। নিজৰ নাম অন্তৰ্ভূক্ত কৰিলেই লাভ কৰিব পাৰিব লাইচেঞ্চ।…

কিয় ভৱানীপুৰত উপ নিৰ্বাচনৰ দিনা ১৪৪ ধাৰা জাৰি কৰাৰ দাবী তুলিছে বিজেপিয়ে?

মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া পশ্চিম বংগৰ ভৱানীপুৰ সমষ্টিত কোনো সুৰুঙা এৰিব বিচৰা নাই বিজেপিয়ে। বিজেপি নেতা দিলীপ ঘোষৰ সৈতে হোৱা হাতাহাতিৰ পিছত বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাত নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ…