পৰ্যটকৰ বাবে সুখবৰঃ ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Share This Article

পৰ্যটক সকলৰ বাবে সুখবৰ। ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে ক’ভিড পৰিস্থিতি আৰু বানপানীৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ আছিল কাজিৰঙাৰ চাফাৰী সেৱা। অৱশ্যে ১ অক্টোবৰত কেৱল মাত্ৰ কহৰা আৰু বাগৰি বনাঞ্চলতহে বনাঞ্চলতহে চাফাৰী কৰিব পাৰিব পৰ্যটকে। এই দুটা ৰেঞ্জত জীপ চাফাৰীৰ আমেজ লব পাৰিব পৰ্যটকে। অহা ১৫ অক্টোবৰৰ পৰা অগৰাতলী আৰু বুঢ়াপাহাৰ ৰেঞ্জ চাফাৰীৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ উদ্যানখনত বন্ধ থাকিব হাতী চাফাৰী সেৱা। বৰ্তমানো উদ্যানখনৰ কিছু কিছু অঞ্চল বানৰ কৱলত থকাৰ বাবে কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। নৱেম্বৰৰ পৰাহে উপলব্ধ হব হাতী চাফাৰী সেৱা। কিন্তু ইতিবাচক কথা এইটোৱেই যে পৰ্যটকৰ বাবে কাজিৰঙাত ১ অক্টোবৰৰ পৰা নাথাকিব কোনো ক’ভিড প্ৰট’কল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.