Investigative reporting with dedication.

কোৱা হয় যে চিত্ৰকৰক ছবি আঁকিবলৈ কেনভাচ নালাগে। সৃষ্টিশীল মনৰ মানুহৰ বাবে পৃথিৱীয়েই হৈ পৰে বৃহৎ কেনভাচ। তাকেই প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ উদীয়মান যুৱক হিমাংকু দাসে। মকৰাজালত ছবি অংকন কৰি INDIA BOOK OF RECORDSত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে হিমাংকুয়ে। হিমাংকুৰ সফলতাৰ এই খবৰ লাভ কৰাৰ লগে লগে এতিয়া আনন্দৰ জোৱাৰ বৈছে যোৰহাটত। এতিয়া হিমাংকুক শুভেচ্ছা জনাইছে ৰাজ্যৰ বহু দল আৰু সংগঠনে।




