গৰমৰ পৰা সকাহ পাব আপুনিঃ আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা

Share This Article

বিগত কিছুদিন ধৰি উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। কিন্তু গৰমৰ পৰা কিছু সকাহ পাব জনসাধাৰণে। কাৰণ আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ কোনো কোনো ঠাইত বৰষুণৰ লগতে থাকিব বিজুলী-ধেৰেকনি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই কথা। উল্লেখ্য যে গোলকীয় উত্তাপ বৃদ্ধি আৰু গছ-গছনি হ্ৰাস পোৱাৰ বাবে জলবায়ু আৰু বতৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। যদিহে পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত এতিয়াই গুৰুত্ব প্ৰদান কৰা নহয় তেন্তে আগন্তুক সময়ত গোলকীয় উত্তাপে যে জীৱ-কূলৰ সৰ্বনাশ মাতিব সেয়া নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.