সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গৰমৰ পৰা সকাহ পাব আপুনিঃ আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা

বিগত কিছুদিন ধৰি উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। কিন্তু গৰমৰ পৰা কিছু সকাহ পাব জনসাধাৰণে। কাৰণ আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ কোনো কোনো ঠাইত বৰষুণৰ লগতে থাকিব বিজুলী-ধেৰেকনি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই কথা। উল্লেখ্য যে গোলকীয় উত্তাপ বৃদ্ধি আৰু গছ-গছনি হ্ৰাস পোৱাৰ বাবে জলবায়ু আৰু বতৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। যদিহে পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত এতিয়াই গুৰুত্ব প্ৰদান কৰা নহয় তেন্তে আগন্তুক সময়ত গোলকীয় উত্তাপে যে জীৱ-কূলৰ সৰ্বনাশ মাতিব সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.