চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত

Share This Article

চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ। চৌদি আৰৱৰ এই প্ৰশংসনীয় পদক্ষেপক এতিয়া আদৰণি জনাইছে বিশ্বৰ সচেতন মহলে। উল্লেখ্য যে পূৰ্বেও আৰৱ চৰকাৰে দিছিল মহিলাক কৰ্ম সংস্থাপনৰ সুযোগ। মদিনা আৰু মক্কাৰ সুৰক্ষাৰ বাবে ১৫০০ আৰৱী মহিলা সেনা নিয়োগ কৰিছিল আৰৱ প্ৰশাসনে। তালিবানে আফগানিস্তানত শিশু-মহিলাৰ ওপৰত দানৱীয় অত্যাচাৰ চলাই থকাৰ মাজতে চৌদি আৰৱৰ এই পদক্ষেপক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে। চৌদি আৰৱৰ এই সাহসী পদক্ষেপক এতিয়া একেমুখে প্ৰশংসাৰে উপচাই পেলাইছে বিশ্বৰ বহু দেশৰ নেতৃত্বই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.