আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিৰোধ্য সেনাপতি ভগৎ সিঙৰ জন্মতিথি

Share This Article

ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জাট নামৰ এক শিখ পৰিয়ালত। সিঙৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰ কালতেই ভগৎ সিঙে ইউৰোপীয় আন্দোলনৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিছিল। সৰুতেই সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল সিং। ইয়াৰোপৰি সিং একাধিক বিপ্লবী সংগঠনৰ লগত জড়িত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা-জ্ঞান আৰু নেতৃত্বৰ পাৰদৰ্শিতাৰ বাবে সিঙে অচিৰেই এই সংগঠনৰ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰিছিল। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰা হৈছিল। সিং আৰু সিঙৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু সিঙে ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে’লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত সিঙে ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে এজন ব্ৰিটিছ পুলিচ বিষয়াক সিঙে হত্যা কৰিছিল। বিচাৰত সিঙক ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল। সিঙৰ আদৰ্শই ভাৰতীয় যুৱ সমাজক স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো যথেষ্ট সহায় কৰিছিল। ভাৰতীয় উপমহাদেশত ব্ৰিটিছ স্বাধীনতা বিৰোধী আন্দোলনৰ অগ্নি যুগৰ শ্বহীদ বিপ্লৱী আছিল ভগৎ সিং। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আটাইতকৈ প্ৰভাৱশালী বিপ্লৱীসকলৰ মাজৰ এজন আছিল সিং। সিঙক ১৯৩১ চনৰ ২৩ মাৰ্চৰ দিনা ব্ৰিটিছে ফাঁচীকাঠত ওলোমাইছিল। অকল্পনীয় ত্যাগ আৰু বীৰত্বৰ বাবে আজিও ভাৰতীয় জনগণে ভগৎ সিঙক শ্ৰদ্ধাৰে সোঁৱৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.