কিয় ভৱানীপুৰত উপ নিৰ্বাচনৰ দিনা ১৪৪ ধাৰা জাৰি কৰাৰ দাবী তুলিছে বিজেপিয়ে?

Share This Article

মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া পশ্চিম বংগৰ ভৱানীপুৰ সমষ্টিত কোনো সুৰুঙা এৰিব বিচৰা নাই বিজেপিয়ে। বিজেপি নেতা দিলীপ ঘোষৰ সৈতে হোৱা হাতাহাতিৰ পিছত বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাত নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰি ৩০ ছেপ্টেম্বৰত উপ নিৰ্বাচনৰ দিনা ভৱানীপুৰ সমষ্টিত ১৪৪ ধাৰা জাৰি কৰাৰ দাবী জনাইছে। বিজেপিয়ে আনকি কেন্দ্ৰীয় সামৰিক বাহিনী মোতায়েন কৰিবলৈও দাবী জনাইছে।

 

মমতা বেনাৰ্জীৰ বাবে কিয় ভৱিষ্যত নিৰ্ণায়ক হব আগন্তুক নিৰ্বাচন?

বংগৰ অগ্নি কন্যা মমতাৰ বাবে এই নিৰ্বাচনটো হব গুৰুত্বপূৰ্ণ। কাৰণ মমতা বেনাৰ্জী এতিয়াও বিধানসভাৰ সদস্য নহয়। নন্দীগ্ৰাম সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত মমতা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। মমতাৰ কাৰ্যকালে প্ৰায় ৬টা মাহ সম্পূৰ্ণ কৰিলে গতিকে যদিহে আগন্তুক উপ নিৰ্বাচনত মমতা পৰাজিত হয় তেন্তে মমতাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব। অৱশ্যে আয়োগৰ মতে মমতা পুনৰ ৬ মাহলৈ মুখ্যমন্ত্ৰী হব পাৰিব।

 

ভৱানীপুৰক লৈ কি ৰণনীতিৰে ৰণত নামিছে তৃণমূল-বিজেপি?

তৃণমূল কংগ্ৰেছৰ শোভান্দেভ চট্টোপাধ্যায়ে কলকাতাৰ ভৱানীপুৰ সমষ্টিৰ আসনৰ পৰা যোৱা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। তাৰ পিছত চট্টোপাধ্যায়ে বিধায়ক পদ ত্যাগ কৰিছিল যাতে আসনখন খালী হয় আৰু মমতা বেনাৰ্জীয়ে সেই সমষ্টিত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। ভৱানীপুৰ আসনখন তৃণমূল নেতাৰ বাবে এখন সহজসাধ্য আসন হিচাপে গণ্য কৰা হৈছে। কিন্তু বিজেপিয়ে মমতা বেনাৰ্জীক চলে-বলে-কৌশলে পৰাস্ত কৰিব বিচাৰে। বিজেপিয়ে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

কিহৰ বাবে গৰম হৈছে ভৱানীপুৰৰ নিৰ্বাচনী বতাহ?

বিজেপি নেতা দিলীপ ঘোষৰ সৈতে হোৱা হাতাহাতিৰ ফলস্বৰূপে উত্তপ্ত হৈ পৰিছিল বংগৰ নিৰ্বাচনী প্ৰচাৰ। বহু বিজেপি কৰ্মী এই হতাহতিত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। উল্লেখ্য যে সোমবাৰ আছিল ভৱানীপুৰত প্ৰচাৰৰ অন্তিমটো দিন। দিলীপ ঘোষে ভৱানীপুৰত বিজেপিৰ ব্ৰহ্মাস্ত্ৰ প্ৰিয়ংকা তিব্ৰিয়ালৰ হৈ প্ৰচাৰ চলাই আছিল।

পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কি কি অভিযোগ আনিছে তৃণমূল-বিজেপিয়ে?

সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি দিলীপ ঘোষে কয় যে তৃণমূল কংগ্ৰেছ ভৱানীপুৰৰ পৰা নিৰ্বাচনত পৰাজিত হৈছে। সেয়েহে ইয়াৰ ৰাইজে মোক আক্ৰমণ কৰিছিল। কিন্তু এয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ধৰণ নহয়। আনহাতে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অঞ্চলটোত অস্থিৰতা আৰু অশান্তি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে। দলটোৱে কৈছে যে দিলীপ ঘোষক পহৰা দিয়া লোকসকলে তৃণমূল কংগ্ৰেছৰ লোকসকলক বন্দুকৰে ভাবুকি দিছিল।

 

কিহৰ বাবে কলকাতাত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিছে বিজেপিয়ে?

স্বপ্ন দাসগুপ্তৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে সোমবাৰে কলকাতাত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। বিজেপিয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি অভিযোগ কৰিছিল যে তেওঁৰ ভৱানীপুৰৰ প্ৰাৰ্থী প্ৰিয়ংকা তিব্ৰিয়ালক ২৩ ছেপ্টেম্বৰত কলকাতা আৰক্ষীৰ এগৰাকী চাউথ নামৰ ডিচিপিয়ে আক্ৰমণ আৰু উৎপীড়ন কৰিছিল। দলটোৱে দাবী কৰিছে যে ঘটনাস্থলীত উপস্থিত ডিচিপি চাউথ আকাশ মাঘাৰিয়া আৰু কলকাতা আৰক্ষীৰ অন্যান্য বিষয়াসকলক চিনাক্ত কৰি নিৰ্বাচনৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হওক। বিজেপিয়ে আনকি বিষয়াসকলক নিলম্বন কৰাৰো দাবী জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.