সুখবৰঃ ১৯ অক্টোবৰৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান

Share This Article

ৰাজ্যত বিগত দুটা বৰ্ষত ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে বিধ্বস্ত হৈ পৰিছে সাধাৰণ জনজীৱন। ২টাকৈ শৈক্ষিক বৰ্ষ শ্ৰেণীকোঠাৰ বাহিৰত থাকি পাঠ্যক্ৰমৰ পৰা প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে শিক্ষাৰ্থী সমাজ। তদুপৰি অসমৰ দৰে ৰাজ্য এখনত অনলাইন ক্লাছেও কোনোপধ্যেই শ্ৰেণীকোঠাৰ বিকল্প হিচাপে জোৰা-টাপলি মাৰিব পৰা নাই। কিন্তু এনে হতাশজনক পৰিস্থিতিৰ মাজতে আহিছে এটা সুখবৰ। ১৯ অক্টোবৰৰ পৰা ৰাজ্যত খুলি দিয়া হব সকলো শিক্ষানুষ্ঠান। সপ্তাহত তিনিদিনকৈ হব সকলো শ্ৰেণীৰ পাঠদান। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুয়ে ঘোষণা কৰিছে এই কথা। অৱশ্যে তাৰ আগতেই ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান। আকৌ ১৯ অক্টোবৰৰ পৰা সোম, বুধ আৰু শুক্ৰবাৰে হব প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান। ষষ্ঠ শ্ৰেণীৰো পাঠদান হব সোম, বুধ আৰু শুক্ৰবাৰে । আনহাতে মঙল, বৃহস্পতি আৰু শনিবাৰে হব সপ্তম শ্ৰেণীৰ পাঠদান। শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ শিক্ষাৰ্থী সমাজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.