Investigative reporting with dedication.

ৰাজ্যত সমাগত উপ নিৰ্বাচন। আজি মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সোণোৱাল। বিধানসভাৰ অধ্যক্ষৰ হাতত প্ৰদান কৰে তেওঁৰ পদত্যাগ পত্ৰ। উল্লেখ যে ইতিমধ্যে সৰ্বানন্দ সোণোৱালে বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্য সভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।




