সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়…

বাংলাদেশত মন্দিৰত লুটপাত চলাই গ্ৰেপ্তাৰ হ’ল কোন ?

বাংলাদেশৰ খুলনা জিলাৰ ৰূপসা অঞ্চলত কেবাটাও মন্দিৰত লুটপাত  আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা ১০ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযোগ অনুসৰি এই লোককেইজনে শণিবাৰে ৰূপসা অঞ্চলৰ শিয়ালী গাঁৱত চাৰিটাকৈ মন্দিৰত লুট পাত চলোৱাৰ…

কোভিশ্বিল্ড – কোভাক্সিনৰ মিশ্ৰণ কোভিড প্ৰতিৰোধত অধিক কাৰ্যকৰী

কোভাক্সিন আৰু কোভশ্বিল্ড প্ৰতিষেধকৰ মিশ্ৰণ কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক উপযোগী ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে ৷ আই চি এম আৰে প্ৰকাশ কৰা তথ্য অনুসৰি , ভেকছিনৰ দুটা ডোজৰ ক্ষেত্ৰত যদি এবাৰ কোভিশ্বিল্ড আৰু…

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰিনে ? ষ্টেণ্ডিং কমিটীয়ে কি ক’লে ?

অসম এখন নদী প্ৰধান ৰাজ্য। সৰু বৰ বিভিন্ন নদীৰ লগতে অসমৰ ঠিক মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । সেইবাবে প্ৰতি বছৰে বাৰিষা কালত বানত ডুব যায় ৰাজ্যৰ আধা অংশ। প্ৰতি বছৰে বানৰ সংহাৰত  হাজাৰ হাজাৰ মানুহ গৃহহীন হোৱাৰ লগতে এক বৃহৎ ক্ষতিৰ সমুখীন…

১ লাখক পট্টা দিয়াৰ কথা আছিল , পালে কিমানে ?

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশালসভাত ভাগ লৈ ১ লাখ লোকক ভূমি পট্টা বিতৰণ  কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে। স্বাধীনতাৰ পিছত এইটোৱে অসমত বৃহৎ…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ…

দলিত খেলুৱৈৰ বাবে হকীত হাৰিল ভাৰত : কি প্ৰত্যুত্তৰ দিলে বন্দনাই ?

মানসিক সংকীৰ্ণতা আৰু জাতি-ধৰ্মৰ গোড়ামিয়ে একবিংশ শতিকাতো কিদৰে ভাৰতীয় সমাজক আচ্ছন্ন কৰি ৰাখিছে তাৰ প্ৰমান বাৰম্বাৰ পোহৰলৈ আহিছে ৷অলিম্পিকত পদক জয়ৰ পাছত ভাৰতীয় সমাজ ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ ধৰ্ম – জাতিৰ অনুসন্ধান…

কৃষক আন্দোলনত ৰাহুল গান্ধী : মঞ্চত স্থান নাপালে কিয় ?

কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী দি্ল্লীত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ যন্তৰ মন্তৰত প্ৰতিদিনে অনুষ্ঠিত হৈছে কৃষক সংসদ ৷ শুক্ৰবাৰে প্ৰতিবাদী কৃষকসকলৰ ওচৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে কেবাগৰাকীও বিৰোধী সাংসদ ৷বিৰোধী সাংসদসকলে “কিষাণ…

টকিঅ’ অলিম্পিক : ছেমিফাইনেলত পৰাজিত বজৰং পুনিয়া

ছেমিফাইনেলত পৰাজিত হ’ল ভাৰতীয় ৰেষ্টলাৰ বজৰং পুনিয়া ৷ হাজি অলিয়েভৰ বিৰুদ্ধে তেও ৫-১২ পইন্টৰ ব্যৱধানত পৰাজিত হয় ৷ ৰেষ্টলিঙৰ ৬৯ কেজি শাখাত তেও ব্ৰঞ্জৰ পদকৰ বাবে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ৷

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি…