কোভিশ্বিল্ড – কোভাক্সিনৰ মিশ্ৰণ কোভিড প্ৰতিৰোধত অধিক কাৰ্যকৰী

Share This Article

কোভাক্সিন আৰু কোভশ্বিল্ড প্ৰতিষেধকৰ মিশ্ৰণ কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক উপযোগী ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে ৷ আই চি এম আৰে প্ৰকাশ কৰা তথ্য অনুসৰি , ভেকছিনৰ দুটা ডোজৰ ক্ষেত্ৰত যদি এবাৰ কোভিশ্বিল্ড আৰু আনবাৰ কোভাক্সিন ভেকছিন প্ৰদান  কৰা হয় , তেনেহ’লে ই অধিক কাৰ্যকৰী হয় ৷ কোভিশ্বিল্ড ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে আৰু কোভাক্সিন ডেল্টা প্লাছ প্ৰজাতিৰ ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ৷সেয়ে দুয়োটা ভেকছিনৰ এটাকৈ ডোজ লোৱাসকলৰ দেহত অধিক প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.